NORTHEAST NOW (Assamese)
অসম

অহা ৮ মাৰ্চত জাৰি হ’ব লোকসভা নিৰ্বাচনৰ অধিসূচনা : মুখ্য নিৰ্বাচন আয়ুক্ত

Posted by: এন ই নাও নিউজ March 2, 2019 11:48 am
Sunil_Arora_EPS

লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব। অহা ৮ মাৰ্চত দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই।

লোকসভা নিৰ্বাচন সময়মতেই অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি শুকুৰবাৰে এটা বিবৃতিযোগে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই প্ৰকাশ কৰে যে নিৰ্বাচনটো কেইটা পৰ্যায়ত অনুষ্ঠিত হ’ব বা নিৰ্বাচনৰ ফলাফল কোন তাৰিখে ঘোষণা কৰা হ’ব ইত্যাদি সকলো কথা ৮ মাৰ্চত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

আনহাতে, ৮ মাৰ্চত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে দেশত নিৰ্বাচনী আচৰণবিধি বলৱৎ হ’ব। ইয়াৰ পাছতে নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিব।

তদুপৰি, ভাৰত-পাকিস্তানৰ সীমান্তত সৃষ্টি হোৱা উত্তেজনা সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ভোটাৰসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি, নিৰ্বাচন আয়োগে ভোটদান কৰিবলৈ ভোটকেন্দ্ৰলৈ যাওতে লগত ভোটাৰ প্ৰমাণপত্ৰ নিবলৈ ভোটাৰসকলক আহ্বান জনাইছে। অৱশ্যে, যিসকল ভোটাৰৰ ভোটাৰ পৰিচয়পত্ৰ নাই তেওঁলোকে ভোটকেন্দ্ৰলৈ অতিৰিক্ত পৰিচয়পত্ৰ নিব লাগিব।

ভোটাৰ পৰিচয়পত্ৰ নথকা ভোটাৰসকলে ভোট কেন্দ্ৰলৈ ভোটাৰ পৰিচয় পত্ৰৰ সলনি পাছপোৰ্ট, চালকৰ অনুজ্ঞাপত্ৰ, চৰকাৰী চাকৰিয়ালৰ ফটোযুক্ত চাকৰিৰ প্ৰমাণপত্ৰ, বেংক-ডাকঘৰৰ ফটোযুক্ত পাছবুক, পান কাৰ্ড, ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে দিয়া স্মাৰ্ট কাৰ্ড, এম এনৰেগাৰ জবকাৰ্ড, শ্ৰম মন্ত্ৰ্যালয়ে প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ফটোযুক্ত পেন্সন কাৰ্ড, আধাৰ কাৰ্ড, সাংসদ-বিধায়ক-স্বায়ত্তশাসিত পৰিষদৰ সদস্যই দিয়া পৰিচয়পত্ৰ দেখুৱাই ভোটদান কৰিব পাৰিব ভোটাৰে।

ইপিনে, নিৰ্বাচন আয়োগে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে দেশৰ ৯৯ শতাংশ ভোটাৰে ভোটাৰ পৰিচয়পত্ৰ লাভ কৰিছে।