NORTHEAST NOW (Assamese)
অসম

অঘটন! বিশ্বনাথ ঘাটৰ শ্মশানথলীৰ সন্মুখত স্কুটী ৰখাই ব্ৰহ্মপুত্ৰত জাপ দিলে মহিলাই; উদ্ধাৰ মৃতদেহ

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ October 17, 2021 3:53 pm
lady jump into the Biswanath ghat

Young lady jumped into the Brahmaputra বিশ্বনাথ ঘাটৰ শ্মশান থলীত আজি সংঘটিত হোৱা এক ঘটনাই বিশ্বনাথ ঘাটত চাঞ্চল্যৰ সৃষ্টি কৰে।

AS12 K 9939 নম্বৰৰ স্কুটী লৈ অহা প্ৰিয়ংকা গগৈ নামৰ মহিলা গৰাকীয়ে বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ সন্মুখত স্কুটি ৰখাই ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিয়ে ৷

প্ৰিয়ংকা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ নিত্যানন্দ গগৈৰ কনিষ্ঠ কন্যা আৰু চতিয়া গেৰেকীৰ নীলম গগৈ বৰুৱাৰ পত্নী৷

পেছাত প্ৰিয়ংকা এগৰাকী শিক্ষয়িত্ৰী ৷ মানসিকভাৱে অসুস্থ হৈ থকা প্ৰিয়ংকাৰ  চিকিৎসা চলি আছিল বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ তৎপৰতাত তথা মাছমৰীয়া কেইজনমান ব্যক্তিৰ অনুসন্ধানত সন্দেহ কৰা স্থানতে উদ্ধাৰ কৰা হয় প্ৰিয়ংকা গগৈৰ নিথৰ মৃতদেহ।

প্ৰায় এঘন্টা অনুসন্ধান চলোৱাৰ পিছতে উদ্ধাৰ কৰা হয় মৃতদেহ। স্বাভাৱিকতে এই ঘটনাৰ পাছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়।

https://www.youtube.com/watch?v=SQlhdFXKR8g