NORTHEAST NOW (Assamese)

দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্টত চীনা নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ

June 25, 2020 6:20 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্ট মালিক সংস্থাই চীনা নাগৰিক সকলক হোটেলত থকাৰ অনুমতি নিদিয়ে বুলি বৃহস্পতিবাৰে সিদ্ধান্ত গ্ৰহণ কৰে।

দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্ট মালিক সংস্থাৰ এই সিদ্ধান্তৰ পাছত চীনা নাগৰিক সকলৰ বাবে দিল্লীৰ ৩,০০০ অধিক হোটেল আৰু ৰেষ্টুৰেণ্টত থকাৰ পথ বন্ধ হৈ পৰিব।

”চাইনিজ সকলে বিশ্ব নহয়, সিহঁত নোহোৱাকৈ আমি বৰ্তি থাকিব পাৰিম…..যুদ্ধ আৰু ব্যৱসায় একেটা সময়ত সম্ভৱ নহয়,” দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্ট মালিক সংস্থাই এটা বিবৃতিত এই কথা প্ৰকাশ কৰে।

দিল্লীৰ অধিকাংশ হোটেল আৰু ৰেষ্টুৰেণ্টে তেওঁলোকৰ এই সিদ্ধান্ত মানিবৰ বাবে প্ৰস্তুত হৈছে বুলিও সংস্থাই লগতে কয়।

উল্লেখযোগ্য যে, লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত চলি থকা উত্তপ্ত পৰিস্থিতিৰ পাছতে দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থাই এনে সিদ্ধান্ত গ্ৰহণ কৰে।

বিগত ১৫ জুনত চীনা সৈন্যৰ পৰিকল্পিত আক্ৰমণত ২০ গৰাকী বীৰ ভাৰতীয় জোৱান শ্বহীদ হৈছিল। ভাৰতীয় সৈন্যই আত্মৰক্ষাৰ বাবে কৰা আক্ৰমণত ৪০ জনতকৈ অধিক চীনা সৈন্যৰ মৃত্যু হৈছে বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে।

Related News