ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছাক চিনেমাৰ প্ৰস্তাৱ দিয়া পৰিচালক

দিল্লী আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে পৰিচালক সনোজ কুমাৰ মিশ্ৰক। মহাকুম্ভত ভাইৰেল হৈ পৰা মনালিছাক চিনেমাৰ প্ৰস্তাৱ দিছিল সনোজ কুমাৰ মিশ্ৰই।
এইবাৰ ধৰ্ষণৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সনোজ কুমাৰ মিশ্ৰক। এগৰাকী ২৮ বছৰীয়া মহিলাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰিচালকগৰাকীক।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীয়ে ২০২০ চনত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম আৰু টিকটকৰ জৰিয়তে পৰিচালক সনোজক কুমাৰ মিশ্ৰক লগ পাইছিল। সেই সময়ত তেওঁ উত্তৰ প্ৰদেশৰ ঝান্সীত বাস কৰিছিল। যুৱতীগৰাকীক লগ পোৱাৰ ব্যৱস্থা কৰি দিছিল সনোজে। আনকি যুৱতীগৰাকীয়ে সনোজক লগ নকৰিলে সনোজে আত্মহত্যা কৰাৰো ভাবুকি দিছিল।
অৱশেষত ২০২১ চনত সনোজক লগ পাইছিল যুৱতীগৰাকীয়ে। অভিযোগ অনুসৰি, যোৱা ১৮ জুনত পৰিচালক সনোজ কুমাৰ মিশ্ৰই যুৱতীগৰাকীক এখন ৰিজ’ৰ্টলৈ লৈ গৈ যৌন নিৰ্যাতন চলাইছিল।
কেৱল সেয়াই নহয়, যুৱতীগৰাকীৰ কিছুমান অশ্লীল ছবি আৰু ভিডিঅ’ও গ্ৰহণ কৰিছিল সনোজ কুমাৰ মিশ্ৰই। ৰোমান্টিক সম্পৰ্কত সোমাব নোৱাৰিলে ফটো আৰু ভিডিঅ’ ফাদিল কৰাৰ হুংকাৰো দিছিল তেওঁ।
যুৱতীগৰাকীয়ে অভিযোগ কৰে যে সনোজে তেওঁক ছবিৰ অভিনয়ৰ পৰা আৰম্ভ কৰি বিবাহৰ প্ৰস্তাৱলৈকে সকলোখিনি আগবঢ়াইছিল।
যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁ জোৰকৈ মুম্বাইলৈ গৈ তেওঁৰ সৈতে লিভ-ইন ৰিলেচনত সোমাইছিল। সেই সময়ছোৱাত তেওঁ তাইক একাধিকবাৰ যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰিছিল।
সনোজে যুৱতীগৰাকীক তিনিবাৰকৈ গৰ্ভপাত কৰাইছিল। শেহতীয়াকৈ যুৱতী গৰাকীয়ে সনোজৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে। লগতে থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত চিকিৎসা পৰীক্ষা কৰা হয়। মুজাফ্ফৰনগৰত বলপূৰ্বক গৰ্ভপাতৰ প্ৰমাণ পোৱা গৈছে। ধৰ্ষণৰ অভিযোগত সনোজক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।