NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2025 9:20 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী স্থিতি আৰু পৰিকল্পনাৰ বাবেই এপিএছচি ৰ ৫২ গৰাকী বৰ্খাস্ত বিষয়াই পুনৰ চাকৰিত মকৰলৰ সুযোগ লাভ কৰিলে। উচ্চ ন্যায়ালয়ে কালি এক নিৰ্দেশযোগে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায়দান আংশিকভাৱে খাৰিজ কৰি এইসকল বৰ্খাস্ত বিষয়াক পুনৰ চাকৰিত মকৰলৰ নিৰ্দেশ দিয়ে।

প্ৰকৃততে খণ্ড বিচাৰপীঠৰ সমূখত চৰকাৰী পক্ষৰ পৰা সবল আৰু সঠিক ৰণনীতিৰ অভাৱৰ বাবে এইসকল বিষয়াই পুনৰ চাকৰি ঘুৰাই পোৱাৰ পথ প্ৰশস্ত হোৱা বুলি অভিযোগ উঠিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ‌ আইৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ বাবে প্ৰত্যক্ষভাৱে জগৰীয়া বুলি অভিহিত কৰিছে। ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন দীৰ্ঘদিন ৰাজহুৱা নকৰি তদন্তৰ আৰম্ভণিৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰি আহিছে। এক ন্যায়িক তদন্ত চলি থকাৰ পিছতো নিজাববীয়াকৈ, নিজস্ব পচন্দৰ ব্যক্তিৰে এছ আই টি গঠন কৰি মুখ্যমন্ত্ৰীগৰাকী তদন্ত লেহেমীয়া কৰিবলৈ আৰু বিপথে নিবলৈ চেষ্টা কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথা হল প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ২০১৩ বৰ্ষৰ পৰীক্ষা সম্পূৰ্ণ বাতিল কৰা আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ আৰু অধিক অধ্যয়নৰ বাবে দিয়া পৰামৰ্শ কাৰ্যকাৰী কৰাৰ কোনো উদ্যোগ নললে।পৰৱৰ্তী সময়ত ডি ৱাই এফ আই আৰু অন্যান্য সংগঠনসমূহৰ আন্দোলন আৰু প্ৰতিৰোধৰ ওচৰত সেও মানি ৫২ গৰাকী বিষয়াক বৰ্খাস্ত কৰিবলৈ বাধ্য হৈছিল যদিও তেওঁলোকৰ পুনৰ আবেদনৰ শুনানিত চৰকাৰী অধিবক্তাই দুৰ্বল স্থিতি গ্ৰহণ কৰাৰ বাবে বিষয়াসকলে পুনৰ চাকৰিত যোগদানৰ সুযোগ লাভ কৰিলে বুলি চৰ্চিত হৈছে।

আদালতৰ ৰায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বৰ্য প্ৰকাশ কৰিছে যদিও তেখেতৰ নিৰ্দেশতে চৰকাৰী অধিবক্তাই দুৰ্বল স্থিতি গ্ৰহণ কৰা বুলি ডি ৱাই এফ‌ আইয়ে মত পোষণ কৰিছে। দুৰ্নীতিৰে বাছনিকৃত এইসকল বিষয়া পুনৰ চাকৰিত মকৰল হলে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা পংগু হৈ পৰাৰ লগতে এপিএছচি কে ধৰি অন্যান্য পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীক হতাশ কৰি তুলিব। এই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডি ৱাই এফ‌ আইয়ে উত্থাপন কৰিছে আৰু উচ্চতম ন্যায়ালয়ত আবেদনৰ জৰিয়তে বিষয়াসকলৰ বৰ্খাস্তকৰণৰ নিৰ্দেশ বাহাল ৰখাৰ বাবে আহ্বান জনাইছে।