NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ ‘কংগ্ৰেছ দৰ্পন’ৰ সম্পাদনা কমিটী গঠন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 1, 2024 6:30 pm

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰদ্বাৰা প্ৰকাশিতব্য কংগ্ৰেছ দৰ্পনশীৰ্ষক মাহেকীয়া মুখপত্ৰখনৰ বাবে আজি সম্পাদনা কমিটীখন প্ৰকাশ কৰা হয়।

এই অনুসৰি প্ৰাক্তন বিধায়ক হিৰণ্য বৰা আৰু প্ৰাক্তন সাংসদ বিষ্ণু প্ৰসাদক উপদেষ্টা হিচাপে আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে।

লগতে বিধায়িকা শিৱামণি বৰা,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা,সহ-অধ্যক্ষ মেহদী আলম বৰা,প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক(সাংগঠনিক) বিপুল গগৈ,সামাজিক মাধ্যম তথা তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা,জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ,গৱেষণা বিভাগৰ অধ্যক্ষ নেত্ৰৰঞ্জন চৌধুৰী,জ্যেষ্ঠ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু মুখপাত্ৰ বিদিশা নেওগক সম্পাদনা কমিটীখনত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

মুখপত্ৰ কংগ্ৰেছ দৰ্পনৰ সম্পাদক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাসক।

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ইতিপূৰ্বে মুখপত্ৰ প্ৰকাশন কমিটীখন প্ৰকাশ কৰিছিল আৰু কমিটীয়ে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। সেয়ে অচিৰেই মুখপত্ৰ  কংগ্ৰেছ দৰ্পনপ্ৰকাশ পাব বুলি আশা কৰা হৈছে।