NORTHEAST NOW (Assamese)

হাজোত কামৰূপ জিলা শিক্ষা বিভাগৰ আজৱ কাণ্ড; ৰান্ধনী ঘৰত পাতিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা

March 17, 2022 3:03 pm · মৃদুল প্ৰীতম ডেকা, কামৰূপ
ফটো: নৰ্থইষ্ট নাও।

কামৰূপ জিলা শিক্ষা বিভাগৰ এক আজৱ কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক ৰান্ধনী ঘৰ আৰু চাইকেল ষ্টেণ্ডত বহিবলৈ দিলে কৰ্তৃপক্ষই।

হাজোৰ পাত্ৰ পুখুৰী পাৰ হাইস্কুল কেন্দ্ৰত এই ঘটনা ঘটিছে। ইয়াক লৈ একাংশ অভিভাৱক তথা সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।

প্ৰচণ্ড গৰমত টিঙৰ চালি, টিনৰ বেৰৰ লগতে এক অস্বাস্থ্যকৰ পৰিবেশৰ মাজত  হাইস্কুল শিক্ষান্ত পৰীক্ষা পতাকলৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: পোলেণ্ডৰ সুন্দৰী কাৰোলিনা বিলাউস্কাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ ৰ মুকুট

প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱা কেন্দ্ৰটোত কামৰূপ জিলা শিক্ষা বিভাগৰ এনে দায়িত্বহীন কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে।

উল্লেখযোগ্য যে, যিটো সময়ত ৰাজ্যৰ শিক্ষা বিভাগ পৰীক্ষা পতাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে, তেনে সময়ত এই পাত্ৰ পুখুৰী পাৰ পৰীক্ষা কেন্দ্ৰত কিয় এনে ঘটনা ঘটিলে ৰাইজে তাৰ এক উচিত তদন্ত বিচাৰিছে।

Related News