NORTHEAST NOW (Assamese)
দেশ

লিভাৰৰ ভিতৰতে বিকাশ হ’ল ভ্ৰুণ! উত্তৰ প্ৰদেশৰ মহিলাৰ এম আৰ আই ৰিপৰ্ট দেখি হতভম্ব চিকিৎসক

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও July 29, 2025 7:10 pm

উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ এগৰাকী ৩০ বছৰীয়া মহিলাই পেটৰ বিষ আৰু বমিৰ সাধাৰণ লক্ষণ লৈ চিকিৎসকৰ কাষ চাপিছিল। প্ৰথম অৱস্থাত আল্ট্ৰাছাউণ্ডত একো ধৰা পৰা নাছিল। কিন্তু স্বাস্থ্যৰ উন্নতি নোহোৱাত তেওঁক মীৰাটৰ এখন ব্যক্তিগত ইমেজিং চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। তাত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন দেখি হতভম্ব হৈ পৰে চিকিৎসকসকল।

চিকিৎসকে জনোৱা মতে, হাই ৰিজলিউচনৰ এম আৰ আই স্কেনত মহিলাগৰাকীৰ লিভাৰৰ ভিতৰত ১২ সপ্তাহ বয়সৰ ভ্ৰুণ এটা বাঢ়িছে বুলি জানিব পৰা গৈছে।

চিকিৎসকে কয় যে এই ৰোগৰ নাম হল ইন্ট্ৰাহেপাটিক এক্টপিক গৰ্ভাৱস্থা। অৰ্থাৎ জৰায়ুৰ বাহিৰত বা সহজ ভাষাত কবলৈ গলে যকৃতৰ ভিতৰত ভ্ৰুণৰ বিকাশ।

এই বিৰল ঘটনাৰ বিষয়ে জানবলৈ দিছিল এম আৰ আই ৰিপৰ্ট পৰ্যবেক্ষণ ডাঃ কে কে গুপ্তাই। তেওঁ কয়, ‘মই বহু বছৰ ধৰি ৰেডিঅলজিৰ লগত জড়িত হৈ আছো। কিন্তু এনে ঘটনা আগতে কেতিয়াও দেখা নাই। প্ৰথমতে মেচিনৰ বিজুতি যেনেই লাগিছিল। পিছত একাধিক কোণৰ পৰা পুনৰ স্কেন কৰাৰ পিছত একেটা দৃশ্যই পাইছিলোঁ। আনকি ভ্ৰুণৰ হৃদস্পন্দনও স্পষ্টকৈ দেখা গৈছিল।’

তেওঁৰ ভাষাত, ‘ভ্ৰুণটো যকৃতৰ সোঁফালে আছিল। যকৃতৰ সিৰাৰ মাজেৰে তেজৰ যোগান হৈ আছিল আৰু মহিলাগৰাকীৰ জৰায়ু সম্পূৰ্ণ খালী হৈ আছিল।’

চিকিৎসকে কয় যে গৰ্ভাৱস্থাত এই ধৰণৰ জটিলতা বিশ্বত বিৰল। ভাৰতত সম্ভৱতঃ এয়াই প্ৰথম নথিভুক্ত ৰোগী। এনে গৰ্ভধাৰণ মাতৃ আৰু ভ্ৰুণ উভয়ৰে বাবে মাৰাত্মক হব পাৰে।

এতিয়া চিকিৎসকে মহিলাগৰাকীক পৰ্যবেক্ষণত ৰাখিছে। পৰৱৰ্তী সময়ত ভ্ৰুণটো আঁতৰাই পেলোৱা হ’ব।উল্লেখ্য যে তথ্য অনুসৰি ২০১৯ চনত বিশ্বত ৬৭ লাখতকৈ অধিক মহিলাই জৰায়ুৰ বাহিৰৰ গৰ্ভধাৰণ কৰিছিল। প্ৰতি লাখত গড়ে ১৭০ জন লোকৰ ক্ষেত্ৰত এই সমস্যা দেখা যায়। কিন্তু চিকিৎসা আৰু সজাগতাৰ বাবে তুলনামূলকভাৱে হ্ৰাস পাইছে এই সংখ্যা।