NORTHEAST NOW (Assamese)
দেশ

মহুৱা মৈত্ৰৰ প্ৰাক্তন প্ৰেমিকৰ বক্তব্য লিপিবদ্ধ কৰিব নৈতিকতা সমিতিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2023 9:46 am

উৎকোচৰ বিনিময়ত সংসদত প্ৰশ্ন কৰা বুলি তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বৃহস্পতিবাৰে লোকসভাৰ নৈতিকতা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। 

কমিটীয়ে মুখ্য অভিযোগকাৰী বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু অধিবক্তা জয় অনন্ত দেহাদ্ৰাইক চমন কৰিছে। 

তেওঁলোকক অকলে অকলে হাজিৰ হ’বলৈ কোৱা হৈছে। মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত দুয়োৰে বক্তব্য লিপিবদ্ধ কৰা হ’ব।

১৫ অক্টোবৰত বিজেপি সাংসদ নিশিকান্ত ডুবেই অভিযোগ কৰিছিল যে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই ধনৰ বাবে সংসদত প্ৰশ্ন কৰিছিল। 

সংসদত আদানীৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে মহুৱা মৈত্ৰাই ডুবাইৰ ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ২ কোটি টকা আৰু বহু হাই-এণ্ড ব্ৰেণ্ড প্ৰডাক্ট আদায় কৰিছিল বুলি অভিযোগ উঠিছিল।

তৃণমূল সাংসদগৰাকীৰ প্ৰাক্তন প্ৰেমিক উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয় অনন্ত দেহদৰাইও বিজেপি সাংসদগৰাকীৰ অভিযোগক সমৰ্থন কৰি প্ৰমাণ দাখিল কৰে। ইয়াৰ পিছতে বিষয়টো লোকসভাৰ নৈতিকতা সমিতিলৈ প্ৰেৰণ কৰা হয়।

যোৱা সপ্তাহত ব্যৱসায়ীজনে শপতনামা দাখিল কৰিছিল য’ত তেওঁ স্বীকাৰ কৰিছিল যে মহুৱাই মৈত্ৰক উৎকোচ দি সংসদত আদানী বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।