NORTHEAST NOW (Assamese)
দেশ

‘জল জীৱন মিছন’ৰ ব্যয় ৬৭,০০০ কোটি টকালৈ বৃদ্ধি : ২০২৮ চনলৈ বঢ়োৱা হৈছে ‘জল জীৱন মিছন’-ৰ ম্যাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 6:20 pm
‘জল জীৱন মিছন’ৰ ব্যয় ৬৭,০০০ কোটি টকালৈ বৃদ্ধি : ২০২৮ চনলৈ বঢ়োৱা হৈছে ‘জল জীৱন মিছন’-ৰ ম্যাদ

আজি সংসদত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে জল জীৱন মিছনৰ মুঠ বাজেট ব্যয় ৬৭,০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে মিছনৰ কাৰ্যকাল ২০২৮ চনলৈ বৃদ্ধি কৰা হৈছে।

নিৰ্মলা সীতাৰমণে কয় যে ২০১৯ চনৰ পৰা জল জীৱন মিছন-ৰ দ্বাৰা ভাৰতৰ ৮০ শতাংশ গ্ৰাম্য জনসংখ্যাক প্ৰতিনিধিত্ব কৰা ১৫ কোটি পৰিয়াল উপকৃত হৈছে।

তেওঁ লগতে কয় যে এই অভিযানৰ অধীনত খোৱাপানীৰ নলৰ সংযোগৰ প্ৰৱেশানুকূলতা প্ৰদান কৰা হৈছে আৰু পৰৱৰ্তী তিনি বছৰত লক্ষ্য হৈছে ১০০ শতাংশ অন্তৰ্ভক্তি সম্ভৱ কৰা।

“জন অংশীদাৰিত্ব”ৰ জৰিয়তে আন্তঃগাঁথনিৰ মান আৰু গ্ৰাম্য নলযুক্ত পানী যোগান আঁচনিৰ পৰিচালনা তথা প্ৰৱন্ধনৰ ক্ষেত্ৰত জল জীৱন মিছন-য়ে গুৰুত্ব দিব। স্থিৰতা আৰু নাগৰিককেন্দ্ৰিক পানীৰ সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ সৈতে পৃথক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব’’ ,সীতাৰমণে কয়।