NORTHEAST NOW (Assamese)
অসম

২১ জানুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

Posted by: চানু গগৈ Updated by: চানু গগৈ December 28, 2020 6:04 pm
২১ জানুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

বিশ্বত্ৰাস সৃষ্টি কৰা অতিমাৰী ক’ৰ’নাৰ ভাইৰাছৰ বাবে এইবাৰ ক’ভিড প্ৰটকল মানি অহা ২১ জানুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্টুপীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গোভা দেওৰজা জোনবিল মেলা।

২১ জানুৱাৰিত গোভা দেওৰজাই ভোজ ভাত খাব। আৰু ২২ জানুৱাৰীত পাহাৰৰ মামা-মামীসকলৰে ভৈয়ামৰ লোকৰ সম্প্ৰতিৰ ‘বিনিময় প্ৰথা’ আৰু সমূহীয়াকৈ মাছ ধৰা পৰ্ব অনুষ্ঠিত হ’ব।

ইফালে ২৩ জানুৱাৰি অৰ্থাৎত গোভা দেওৰজাৰ ৰাজদৰবাৰ বহিব আৰু তাতে ১৮ গৰাকী তিৱা প্ৰতীকি ৰজাই অংশগ্ৰহণ কৰিব।

লগতে ৰজা সকলক ৰাজভাট্টা প্ৰদান কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিমন্ত্ৰণ জনাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে।

জনগোষ্ঠীয় খাদ্য মেলা, বাণিজ্য মেলা, কাঠৰ দোকান আৰু সাংস্কৃতিক অনুষ্ঠান সমূহ বাতিল কৰা হৈছে বুলিও জানিবলৈ দিয়ে মেলা পৰিচালনা সমিতিৰ সম্পাদক গৰাকীয়ে।