NORTHEAST NOW (Assamese)
Popular Stories

জোঁৱায়েকৰ শিৰশ্ছেদ কৰি হাতত খণ্ডিত মুণ্ড লৈ আৰক্ষী থানাত আত্মসমৰ্পণ শহুৰেকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 5:21 pm
index.jpgm

শহুৰেকে নিজৰ জোৱায়েকৰ শিৰশ্ছেদ কৰাৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে অন্ধপ্ৰদেশত।

এই নাৰকীয় ঘটনাটো সংঘটিত হৈছে দেওবাৰে অন্ধপ্ৰদেশৰ পূৱ গোদাবৰী জিলাৰ আন্নাভৰম থানাৰ অন্তৰ্গত জগন্নাধাপুৰম গাঁৱত।

আন্নাভৰম আৰক্ষী থানাৰ চাৰ্কল ইন্সপেক্টৰ ৰামবাবুৱে জানিবলৈ দিয়া অনুসৰি দেওবাৰে জগন্নাধাপুৰম গাঁৱৰ পাল্লা সত্যনাৰায়ণে(৫৬) নিজৰ জোৱায়েক পাম্পনাপুনিয়া লক্ষ্মণৰ শিৰশ্ছেদ কৰে।

আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ সংস্থাক জনোৱা অনুসৰি ১০ মাহ পূৰ্বে সত্যনাৰায়ণৰ কন্যা তথা লক্ষ্মণৰ পত্নী পাভানিয়ে আত্মহত্যা কৰিছিল।

কন্যাই আত্মহত্যা কৰাৰ পিছৰে পৰা লক্ষ্মণ আৰু পাভানিৰ দুই সন্তান ককাক সত্যনাৰায়ণৰ গৃহতে আছিল।

দেওবাৰে সত্যনায়াৰণৰ গৃহত লক্ষ্মণণ আৰু পানাভিৰ সন্তানৰ এক অলৌকিক কাৰ্যক্ৰম আছিল আৰু তালৈ জোৱায়েকক নিমন্ত্ৰণ কৰিছিল শহুৰেক সত্যনাৰায়ণে।

এই উপলক্ষ্যে ৮ আগষ্টত জোৱায়েক লক্ষ্মণ শহুৰেকৰ ঘৰত উপস্থিত হয়।

আৰক্ষীৰ মতে ৯ আগষ্টত শহুৰেকে জোৱায়েকক দুই সন্তানক লগত লৈ যাবলৈ কয়। কিন্তু জোৱায়েকে শহুৰেকক দ্বিতীয় বিবাহ সম্পন্ন কৰি দিবলৈহে দাবী জনায়।

জোৱায়েক লক্ষ্মণে দ্বিতীয় বিবাহ কৰিলেহে তেওঁ সন্তান দুটিক লগত লৈ যাব পাৰিব আৰু দ্বিতীয় পত্নীয়ে দুই সন্তাক চোৱাচিতা কৰিব পাৰিব বুলি শহুৰেকক জনাই দ্বিতীয় বিবাহৰ দাবী তোলে।

কিন্তু শহুৰেকে ইয়াৰ বিৰোধিতা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই কথাক লৈ শহুৰেক আৰু জোৱায়েকৰ মাজত বাক যুদ্ধই চৰম সীমা অতিক্ৰম কৰে আৰু এসময়ত খঙত অগ্নিশৰ্মা হৈ শহুৰেক সত্যনাৰায়ণে চোকা অস্ত্ৰৰে জোৱায়েক লক্ষ্মণৰ ডিঙি কাটি দুছেও কৰে।

ইয়াৰ পিছতে শহুৰেকে জোৱায়েকৰ খণ্ডিত মুণ্ডটো হাতত লৈ স্থানীয় আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী সত্যনায়াৰণৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।