NORTHEAST NOW (Assamese)

Japanese Encephalitis: চতিয়াত জাপানী এনকেফেলাইটিজত এজনৰ মৃত্যু; বিশ্বনাথত এই ৰোগৰ বলি প্ৰথমগৰাকী ব্যক্তি

July 15, 2022 7:53 am · কাজি জেইদুল ইছলাম, বিশ্বনাথ

Japanese encephalitis death বিশ্বনাথ জিলাৰ চতিয়া নগৰৰ পুৰণা চেন্টাৰৰ প্ৰমোদ ভট্টাচাৰ্য (৮৫) নামৰ ব্যক্তিজনৰ বুধবাৰে নিশা প্ৰায় চাৰে এঘাৰ বজাত জাপানী এনকেফেলাইটিজত আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজ হস্পিতালত মৃত্যু ঘটে।

প্ৰাপ্ত তথ্যমতে প্ৰমোদ ভট্টাচাৰ্যই জ্বৰ কাহত ভুগি থকা বাবে যোৱা ৯ জুলাইত তেজপুৰৰ মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক: Lalit Modi and Sushmita Sen: আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক!

ৰোগৰ লক্ষণলৈ চাই সন্দেহ কৰি চিকিৎসকে ১২ জুলাইত ৰক্তৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে ৰোগীৰ অৱস্থা ক্ৰমে জটিল হৈ পৰে আৰু বুধবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বৃহস্পতিবাৰে প্ৰকাশ পোৱা ৰক্ত পৰীক্ষাৰ ফলাফলত তেওঁ জাপানী এনকেফেলাইটিজত আক্ৰান্ত হোৱাতো নিশ্চিত হয়।

লগতে পঢ়ক: Drinking too much Alcohol: মাত্ৰ ২ মিনিটতে খাই শেষ কৰিলে এবটল মদ; বাজী মাৰি যমৰ ঘৰ পালে যুৱকে

এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰে আৰু পৰিয়ালটোৰ অন্য সদস্যৰ ৰক্ত পৰীক্ষাৰ ব্যৱস্থা কৰে। তেওঁলোকৰ ফলাফল নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে।

মৃত ভট্টাচাৰ্যই দুজন পুত্ৰ ইহ সংসাৰত এৰি থৈ গৈছে।

Related News