NORTHEAST NOW (Assamese)

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

June 4, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 4, 2025 10:36 pm

ৰাজ্যৰ প্ৰথমটো বানত ২১ খন জিলাৰ ৬.৫০ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে এতিয়ালৈ ১৪ জন লোকৰ মৃত্যু হৈছে।। ৰাজ্যৰ বান পৰিস্থিতিকলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু পৰ্যাপ্ত আশ্ৰয় শিৱিৰ আৰু খাদ্যকে ধৰি অন্যান্য সাহায্য পৰ্যাপ্তভাৱে যোগান ধৰিবলৈ দাবী জনাইছে।

ডি ৱাই এফ আইয়ে অহা ৮ জুনত অনুষ্ঠিত হবলগীয়া এপিএছচি পৰীক্ষাৰ দিন বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বিবেচনা কৰিবলৈ দাবী কৰিছে। বানত হোৱা বিস্তৰ ক্ষতিৰ বাবে বহু অঞ্চলৰ যোগাযোগ এতিয়া বিচ্ছিন্ন হৈ আছে। এনে পৰিস্থিতিত এপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বহু প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰাটো নিশ্চিত। সেয়ে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।

এইবাৰ বানত ৰাজ্যৰ ২১ খন জিলাৰ ৬৯ টা ৰাজহ চক্ৰৰ ১৫০০ খনতকৈ অধিক গাঁ‌ৱৰ ৬.৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ১৫ হেক্টৰ কৃষিভূমিৰ ক্ষতি হোৱাৰ লগতে সহস্ৰাধিক পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে।অভিযোগ অনুসৰি আক্ৰান্ত লোক অনুসৰি আশ্ৰয় শিৱিৰ পৰ্যাপ্ত নহয়। সকলো বানাক্ৰান্তই এতিয়াও পৰ্যাপ্ত সাহায্যও পোৱা নাই। ডি ৱাই এফ আইয়ে দাবী কৰিছে ঘৰ-দুৱাৰ, শস্য তথা পোহনীয়া জীৱ-জন্তুকে ধৰি বানত ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক ক্ষতি অনুসৰি সাহায্যৰ দিয়াৰ ব্যৱস্থা কৰক

Related News