NORTHEAST NOW (Assamese)
অসম

দৰমহা নাপাই হাহাকাৰ: গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন September 3, 2021 11:34 am
Golaghat engineering stuff protest

গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ ২৪ জন কৰ্মচাৰীয়ে বৃহস্পতিবাৰৰ পৰা তিনি দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে।

প্ৰধানকৈ  বিগত ১৭ মাহে  দৰমহা লাভ নকৰাৰ ফলত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা কৰ্মচাৰীসকলে উপায়ন্তৰ হৈ এই কৰ্মবিৰতি পালন কৰে।

বিগত ১৭ মাহ দৰমহাৰ পৰা বঞ্চিত হৈ থকা এই সকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে  আৰ্থিকভাৱে দুৰ্ভোগ ভুগিব লগা হোৱাৰ লগতে পৰিয়াল পোহ-পাল দিয়াত তীব্র আৰ্থিক সংকটত ভুগিবলগীয়া হৈছিল।

ইফালে  ক’ভিডৰ সময়চোৱাতো মহাবিদ্যালয়ত স্থাপন কৰা ক’ভিড চেন্টাৰত কৰ্ম সম্পাদন কৰিছিল এই সকল  কৰ্মচাৰীয়ে। তৎস্বত্বেও মহাবিদ্যালয় কৰ্তৃপক্ষৰ গা নলৰা কাৰ্যত ক্ষোভিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদীস্থলীৰ পৰাই  অনতিপলমে ১৭ মাহৰ  প্ৰাপ্য দৰমহা আদায় দিবলৈ চৰকাৰ তথা কৰ্তৃপক্ষক আহ্বান জনায় কৰ্মচাৰীসকলে। অন্যথা গণতান্ত্ৰিক আন্দোলনৰ  কাৰ্যসূচী গ্ৰহণ কৰাৰো  হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে।