Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান
Cotton University student leader join BJP কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি আমাৰ সাংবাদিকৰ আগত মন্তব্য কৰে অভিষেকে।
বিজেপিৰ যুৱ সাংসদ তথা BJYM ৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সুৰ্যৰ উপস্থিতিত যোগদান কৰে মহন্তই।
হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত ৪০ গৰাকী অন্য ছাত্ৰৰ সৈতে তেওঁ যোগদান কৰে।
ছাত্ৰমুক্তিৰ সমৰ্থনত ২০২১-২২ বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পদত জয়ী হৈছিল অভিষেক।
লগতে পঢ়ক: অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি
তাৰ পাছতো ছাত্ৰ মুক্তিৰ সদস্য নাছিল বুলি আমাৰ সাংবাদিকৰ আগত মন্তব্য কৰে অভিষেকে।