NORTHEAST NOW (Assamese)
অসম

নাহৰকটীয়া পুৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; অহা ৫ দিনৰ বাবে বন্ধ থাকিব উজনি-নামনিমুৱা ৰে’লৰ চলাচল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2019 1:23 pm
নাহৰকটীয়া পুৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; অহা ৫ দিনৰ বাবে বন্ধ থাকিব উজনি-নামনিমুৱা ৰে’লৰ চলাচল

নাহৰকটীয়াত আজি পুৱা এটা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। নহাৰকটীয়াৰ বাহধাৰীত ৰেল লাইনৰ পৰা বাগৰি পৰে নামনিমুৱা এখন মালবাহী ৰে’লৰ ৭ টাকৈ ডবা।

নামনিমুৱা মালবাহী ৰে’লখন দাইলভৰ্তি আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে কি দৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল তাক বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

ইফালে আজি পুৱা সংঘটিত এই ভয়ংকৰ মালবাহী ৰে’ল দুৰ্ঘটনাত কোনো হতাহত হোৱা নাই বুলিও জানিব পৰা গৈছে।

ইফালে আজি সংঘটিত এই দুৰ্ঘটনাৰ বাবে উক্ত ৰেলপথটোৰে অহা ৫ দিনৰ বাবে উজনিমুৱা আৰু নামনিমুৱা ৰে’লৰ চলাচল বন্ধ থাকিব বুলিও জানিব পৰৈ গৈছে।