চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

অৱশেষত ভাৰতৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। মানে,পদত্যাগ কৰিবলৈ বাধ্য হ’ল। এতিয়া সকলোৱে বুজিলে যে কোনো অপৰিহাৰ্য নহ’য়। কোনো অপ্রতিৰোধ্য নহ’য়। ইমানদিনে, মানে যোৱা ৬ জুনৰ পৰা ২৫ জুলাইলৈ দিল্লীৰ যন্তৰ মন্তৰত চলা এই ৫০ দিনীয়া ধৰ্মঘটৰ অন্তত, ছাত্ৰ-যুৱকৰ ওপৰত চলোৱা অবৰ্ণনীয় মাৰপিট আৰু অত্যাচাৰৰ অন্তত, মোদী চৰকাৰ সেও মানিবলৈ বাধ্য হ’ল।
আন্দোলনকাৰী সকলৰ দাবী মানি ল’বলৈ বাধ্য হ’ল। ই যুৱ শক্তিৰ জয়, জেন জিৰ এক বৃহৎ সাফল্য। ইয়াৰ আগতে কেতিয়াও বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে নিজৰ ব্যৰ্থতা, বা অকর্মণ্যতা মূৰ পাতি লৈ জৱাবদিহিতাৰ বাবে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা নাছিল। এইবাৰ ছাত্ৰ-যুৱকৰ ৰোষত, তেওঁলোকৰ দাবীৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ কেবিনেটৰ পৰা মন্ত্ৰী এজনক অপসাৰণ কৰিবলৈ বাধ্য হ’ল।
কিন্তু ইয়াতেই জেন জিৰ এই আন্দোলন থমকি ৰ’লে নহ’ব। ছাত্ৰ-যুৱকৰ প্ৰকৃত শিক্ষা আৰু সংস্থানৰ দায়িত্ব চৰকাৰে ল’ব লাগিব। দেশৰ সম্পদ আদানী-আম্বানীক গটাই দিয়া নচলিব। এই চৰকাৰে দেশৰ সংবিধান মানি, গণতান্ত্রিক মূল্যবোধক মৰ্যাদা দিব লাগিব। এতিয়া নিৰ্বাচন আয়োগৰ সংস্কাৰ, সংশোধনৰ প্রশ্নবোৰ উত্থাপন কৰিব লাগিব। হয় সংবিধান মানি শাসন কৰা, নহয় গাদী এৰা। এতিয়া আন্দোলন তেনে পৰ্যায়লৈ যাব লাগিব। অৱশ্যে ছাত্ৰ-যুৱকৰ দাবীবোৰত ইতিমধ্যে আমি তাৰ উকমুকনি লক্ষ্য কৰিছোঁ। জন্তৰ মন্তৰ জিন্দাবাদ, জেন জি জিন্দাবাদ!