NORTHEAST NOW (Assamese)
অসম

পিয়াঁজৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পাছতে পিয়াঁজৰ বীজ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা ভাৰত চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 11:05 am
পিয়াঁজৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পাছতে পিয়াঁজৰ বীজ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা ভাৰত চৰকাৰৰ

দেশৰ ঘৰুৱা বজাৰত পিয়াঁজৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পৰিণতিত ভাৰত চৰকাৰে বৃহস্পতিবাৰে পিয়াঁজৰ বীজৰ ৰপ্তানিৰ ক্ষেত্ৰত শীঘ্ৰে বলবৎ হোৱাকৈ নিষেধাজ্ঞা জাৰি কৰে।

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে পিয়াঁজৰ বীজক ৰপ্তানিৰ ক্ষেত্ৰত ‘নিয়ন্ত্ৰিত’ শাখাত ৰাখিছিল।

এইক্ষেত্ৰত যিসকল ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ থাকে তেওঁলোকেহে পিয়াঁজৰ বীজ ৰপ্তানি কৰিব পাৰিব।

চলিত বিত্তিত বৰ্ষত ভাৰতে পিয়াঁজৰ বীজ ৰপ্তানি কৰি ৫,৭০,০০০ ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, ভাৰতৰ বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধি ৰোধৰ বাবে ভাৰত চৰকাৰে পিয়াঁজৰ ৰপ্তানিও বন্ধ কৰিছিল।

বাংলাদেশে ভাৰতৰ এই সিদ্ধান্তৰ পাছত অসন্তোষ ব্যক্ত কৰিছিল আৰু পৰৱৰ্তী সময়ত পিয়াঁজৰ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত নিৰ্ভৰশীল নোহোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছিল।

বৰ্তমান ভাৰতৰ খুচুৰা বজাৰত প্ৰতিকেজি পিয়াঁজ ৭০-৯০ টকা দৰত বিক্ৰী হৈ আছে।