NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2025 7:53 pm
বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। খিলঞ্জীয়া সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা সকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ।

মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰে বন্দুক কিনি নিদিয়ে৷ নিজৰ সুৰক্ষাৰ বাবে কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব।

মুখ্যমন্ত্ৰীয়ে কয়, আগতে কোনো চৰকাৰে এই সাহস কৰা নাছিল৷ জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব৷

মুখ্যমন্ত্ৰীয়ে কয়, ধিং-ৰূপহী, মঙলদৈৰ দৰে অঞ্চলৰ খিলঞ্জীয়া ৰাইজে আবেদন কৰিব পাৰিব৷ সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে আবেদন কৰিব পাৰিব। কিন্তু অপৰাধমূলক কাৰ্যত লিপ্ত লোকে নাপাব লাইচেঞ্চ৷

জিলা আয়ুক্তসকলে বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত SOP জাৰি কৰিব৷ এয়া আজিৰে পৰা কাৰ্যকৰী হব।