NORTHEAST NOW (Assamese)
অসম

এজাক বৰষুণতে জলমগ্ন গুৱাহাটী : মহানগৰীৰ কেইবা স্থানতো স্তব্ধ হৈ পৰিল স্বাভাৱিক জীৱন যাত্ৰা

Posted by: মুকুট দাস September 2, 2018 12:27 pm
zooroad-flood-570x320

বাৰিষা কালত বৰষুণ যেন মহানগৰবাসীৰ বাবে হৈ পৰিছে এক দু:স্বপ্ন। দেওবাৰে ৰাতিপুৱাই অহা এজাক বৰষুণৰ ফলত উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ কেইবাঠাইতো সদায় হোৱাৰ দৰে কৃত্ৰিম বানপানীয়ে স্বাভাৱিক জীৱন যাত্ৰা ব্যহত কৰি তুলিছে

কাৰ্যালয়, শিক্ষানুষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দেওবাৰ হোৱা বাবে বন্ধ আছিল যদিও ৰাতিপুৱা হোৱা বৰষুণজাকৰ ফলত বিভিন্ন কামত ওলাই অহা নাগৰিকসকল আৰু বিশেষকৈ টিউচনৰ বাবে ওলাই অহা ছাত্ৰ-ছাত্ৰীসকল কেইবাঠাইতো আঁঠুলৈকে হোৱা পানীৰ বাবে আহুকালৰ সন্মুখীন হয়।

আটাইতকৈ বেছি জলমগ্ন হৈ পৰা অঞ্চলটো হৈছে কেইবাটাও কোচিং চেন্টাৰ অৱস্থিত জু’ৰোড তিনিআলি অঞ্চল।

ছাত্ৰ-ছাত্ৰীসকলে জীৱনত শৰণ দি বানপানীৰে মাজেৰে কোচিং ক্লাছলৈ যাবলগীয়া হৈছে। কিয়নো তেওঁলোকে এয়া কোনোপধ্যে ক্ষতি কৰিব নোৱাৰে।

মূল পথ জলমগ্ন হৈ পৰা বাবে যান বাহন সমূহ আৱদ্ধ হৈ পৰে আৰু গোটেই পথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

গুৱাহাটী কমাৰ্ছ কলেজৰ এগৰাকী ছাত্ৰী নিকিতা কৰে নৰ্থইষ্ট নাওৰ আগত কয়, ‘’ এয়াই গুৱাহাটী। এঘন্টাৰ বৰষুণতে জলমগ্ন হৈ পৰে মহানগৰীখন। আমি এতিয়া ইয়াৰ বাবে অভ্যস্ত হৈ পৰিছো।‘’

‘’ আমি এতিয়া আমাৰ জীৱনৰ এনে এক সংকটৰ মাজেৰে টিউচনলৈ গৈ আছো। কিয়নো ফুটপাথত মেনহ’ল থাকিব পাৰে,’’-ছাত্ৰীগৰাকীয়ে কয়।

অধিক বিদ্যুৎস্পৃষ্টৰ ঘটনা হোৱাৰ আশংকাত বৰষুণ আৰম্ভ হোৱাৰ পিছতে বেছিভাগ অঞ্চলতে বিদ্যুৎসেৱা কৰ্তন কৰা হয়।