NORTHEAST NOW (Assamese)
Popular Stories

অনন্ত আম্বানীৰ বিবাহৰ ‘হলদি’ পৰ্ব! উদিত নাৰায়ণৰ কণ্ঠত তাল মিলালে ছলমান-ৰণবীৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2024 4:33 pm
অনন্ত আম্বানীৰ বিবাহৰ ‘হলদি’ পৰ্ব! উদিত নাৰায়ণৰ কণ্ঠত তাল মিলালে ছলমান-ৰণবীৰে

যোৱা কেইমাহমানৰ পৰা মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰৰ বিবাহে চৰ্চা লাভ কৰিছে। ইতিমধ্যে দেশ-বিদেশত একাধিক প্ৰি-মেৰেজ কাৰ্যসূচী উদ্‌যাপন কৰা হৈছে। সকলো অনুষ্ঠানতে থকা বিলাসী কাৰবাৰ দেখি নেটিজেন আচৰিত হৈ পৰিছে। এই বিয়াখন ১২ তাৰিখে মুম্বাইত অনুষ্ঠিত হ’ব। অৱশ্যে বিয়াৰ আগতে বিভিন্ন অনুষ্ঠান আছিল। এই অনুষ্ঠানটোক ‘হলদি’ বুলি কোৱা হয়৷

মুকেশ আম্বানীৰ প্ৰাসাদোপম এন্টিলিয়াত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান য’ত প্ৰায় সকলো বলীউডৰ তাৰকা উপস্থিত আছিল। এফালে উদয় নাৰায়ণে আন এটাৰ পাছত এটা নব্বৈৰ দশকৰ হিট গীত গাইছিল, আৰু আনফালে ছলমান খান,ৰণবীৰ সিং আদিয়ে সকলোৱে নৃত্য কৰিছিল।

এই দিনটোত ছলমান খানক নীলা পাঞ্জাৱীৰে এই অনুষ্ঠানলৈ অহা দেখা গৈছিল। অৱশ্যে আহি পোৱাৰ পিছত কাপোৰ সলনি হৈ তেওঁ থিমটোৰে সৈতে সাদৃশ্য থকা হালধীয়া কুৰ্তাত দেখা গ’ল।

গায়ক উদয় নাৰায়ণ আৰু কুমাৰ ছানুৰ গীত ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে, যিটো তেওঁলোকে হলদি অনুষ্ঠানত পৰিবেশন কৰিছিল। নব্বৈৰ দশকৰ এই সকলোবোৰ জনপ্ৰিয় গীত- ‘দিল মিল ৰহে হ্যে’, ‘মাই য়াহা হু য়াহা’, ‘দিল নে ইয়ে কাহা হ্য হ্যায় দিল ছে’ আদি উল্লেখযোগ্য৷