NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজা উদযাপন সমিতিসমূহলৈ কি বিশেষ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 10, 2020 3:41 pm
119150039_10157913470223983_6187041544248667747_n

সমাগত শাৰদীয় দুৰ্গোৎসৱ। কিন্তু বহাগ বিহু, ঈদ, অম্বুবাচীৰ দৰেই ক’ৰ’নাৰ ত্ৰাসৰ বাবেই ম্লান পাব নেকি শাৰদীয় দুৰ্গোৎসৱৰ উল্লাস-আনন্দ?

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। তেনে পৰিপ্ৰেক্ষিতত কেৱল ধৰ্মীয় ৰীতি-নীতিৰেহে উদযাপন কৰা হৈছিল বাপতিসাহোন বহাগ বিহু, ঈদ আৰু মহা অম্বুবাচী মেলা।

এই সন্দৰ্ভত কেনেদৰে দুৰ্গা পুজা আয়োজন কৰিব তাক লৈ উদযাপন সমিতি সমূহলৈ বিশেষ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে GMCH ত সেনাৰ প্লাজমা দান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দুৰ্গা পুজা উদযাপন সন্দৰ্ভত কয়, ‘কিবা নহয় কিবা প্ৰকাৰে পূজাটো হ’ব। যদি মানুহে স্বেচ্ছাই মানি চলে তেতিয়াহ’লে সংক্রমণ কম হ’ব।‘

‘মানুহে যদি নামানে. বিহুও নহ’ল, অম্বুবাচীও নহ’ল পুজাটো পালন কৰিম বুলি ভাবিছে তেতিয়া আমি কি ক’ম মানুহক যে যেনেকৈ বিহুটো অনুষ্টুপীয়াকৈ উদযাপন কৰিলে পুজাটোও কেৱল ধৰ্মীয় ৰীতি-নীতি মানিহে কৰক।‘ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই কয়।

ইপিনে, ‘হাজাৰ হাজাৰ পূজাৰ পেণ্ডেল আছে, কিমানক বুজাম কিমানে শুনিব?’ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰি লগতে কয়, ‘সেয়েহে যদি অকল ধৰ্মীয় ৰীতি নীতি মানি পুজা অনুষ্ঠিত কৰে তেতিয়া কোভিডৰ সংক্ৰমণ কমিব।যদি মানুহে মুকলি হৈ যায় আৰু উলহ-মালহৰে পুজা অনুষ্ঠিত কৰিম বুলি ভাবে তেন্তে দিগদাৰ হ’ব।‘