NORTHEAST NOW (Assamese)
অসম

দেশৰ ভিতৰত অসমতহে কোভিডৰ টেষ্টিঙৰ পৰা চিকিৎসা-খাদ্যলৈ বিনামূলীয়া; মন্ত্রী হিমন্তৰ দাবী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 16, 2020 6:28 pm
WhatsApp Image 2020-07-16 at 5.55.15 PM

“দেশৰ সকলো ৰাজ্যৰ ভিতৰত অসমতহে কোভিডৰ টেষ্টিঙৰ পৰা চিকিৎসা-খাদ্যলৈ বিনামূলীয়া কৰা হৈছে।”  জনতা ভৱনত বৃহস্পতিবাৰে সম্বোধন কৰা সংবাদমেলত এই দাবী কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ জনোৱা অনুসৰি কোভিড ৰোগীক চিকিৎসা কৰাৰ বাবদ কোনো ৰাজ্যলৈকে কেন্দ্ৰৰ পৰা এক টকাও বৰ্তমানলৈকে অহা নাই।

সেয়েহে অন্য ৰাজ্য সমূহত কেৱল টেষ্ট কৰালে প্ৰায় ৪৫০০ টকা লয় বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্তই।

হিমন্তৰ মতে, “আনকি খাদ্যবস্তু কিনি খাব লাগে, হস্পিতালৰ সকলো চিকিৎসাৰ খৰচ বহন কৰিব লাগে। আমাৰ অসমতহে কোভিড ৰোগীৰ ক্ষেত্ৰত খাদ্যৰ পৰা চিকিৎসালৈকে সকলো খৰচ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বহন কৰিছে।”

ইপিনে, গুৱাহাটীত অহা সপ্তাহৰ পৰা আনলক-১ হ’ব বুলি ইংগিত দি তেওঁ লগতে কয়, “সকলো দোকানৰ মালিক-কৰ্মচাৰীৰ লগতে চৰকাৰী আৰু বেচৰকাৰী সকলো কৰ্মচাৰীয়ে কোভিড টেষ্ট কৰাব লাগিব।”

তেওঁ আৰু কয়, “গুৱাহাটীত ১ লাখ ১০ হাজাৰ টেষ্ট সম্পূৰ্ণ হৈছে। গুৱাহাটীত ৩লাখ কৰ’না টেষ্ট সম্পন্ন কৰা হব। দুমাহলৈকে যি যি কৰ্মচাৰীয়ে বা শ্ৰমিক বা দোকানৰ মালিকে টেষ্ট কৰালে তেওঁলোকে টেষ্ট কৰোৱাৰ প্ৰয়োজন নাই।”

আগষ্টৰ শেষৰ ভাগলৈ গুৱাহাটীত কিছু পৰিমাণে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব বুলি সংবাদমেলত সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি, আগন্তুক ১৫দিনৰ ভিতৰত গুৱাহাটীৰ সকলো নাৰ্চিংহোমত কোভিড টেষ্ট কৰোৱা যন্ত্ৰ ক্ৰয় কৰি অনাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্তই লগতে কয়, “এতিয়ালৈকে সকলো নাৰ্চিং হোমৰ কৰ্মচাৰীক চৰকাৰীভাৱে টেষ্টিং  কৰি আছে। কিন্তু আগন্তুক সময়ত কৰ্মচাৰীসকলে যাতে তিনি দিনৰ মূৰে মূৰে কৰ্মস্থলীতেই টেষ্ট কৰিব পাৰে তাৰ ব্যৱস্থা ল’ব লাগিব।”

ইপিনে, বৰ্তমান ৰোগীসকলৰ খোৱা-বোৱা বাবদ প্ৰতিদিনে ৫০০টকাকৈ ব্যয় কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ কোনো এখন ৰাজ্যতে ৰোগীৰ নামত এনেকৈ ব্যয় কৰা নাই।

তদুপৰি, এতিয়াৰে পৰা ৬৫ বছৰৰ উৰ্দ্ধৰ কোভিড আক্ৰান্তৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীক প্ৰতিদিনে ১০০টকাৰ ফলমূল প্ৰদান কৰা হ’ব বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে।