NORTHEAST NOW (Assamese)

“জীৱন ধ্বংস নকৰিব”, অপাৰেশ্যন সিন্দুৰক সমালোচনা কৰি জেললৈ যোৱা ছাত্ৰীক মুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

May 28, 2025 9:56 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অপাৰেশ্যন সিন্দুৰক সমালোচনা কৰি সামাজিক মাধ্যম পোষ্ট দিছিল এগৰাকী ছাত্ৰীয়ে। সেইবাবেই গ্ৰেপ্তাৰ কৰা হৈছিল ছাত্ৰীগৰাকীক। আনকি তেওঁক কলেজৰ পৰাও বহিষ্কাৰ কৰা হৈছিল।

তাৰপিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ছাত্ৰীগৰাকী। এই গোচৰৰ শুনানিত আদালতে যুৱতীগৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশে ৰাজ্য চৰকাৰ আৰু যুৱতীগৰাকীৰ কলেজৰ কৰ্তৃপক্ষক একপ্ৰকাৰে ধমকি দি কয়, “আপোনালোকে কিয় ছাত্ৰীগৰাকীৰ জীৱন ধ্বংস কৰিব খুজিছে?’’

উল্লেখ্য যে ছাত্ৰীগৰাকী পুনেৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত। ছেমিষ্টাৰৰ পৰীক্ষাও চলি আছে ছাত্ৰীগৰাকীৰ। যোৱা ৭ মেত অপাৰেচন সিন্দুৰৰ পিছত যুৱতীগৰাকীয়ে ছচিয়েল মিডিয়াত সমালোচনা কৰি এটা পোষ্ট শ্বেয়াৰ কৰে। ৯ তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সম্প্ৰতি পুনেৰ য়েৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ছাত্ৰীগৰাকী।

ন্যায়াধীশ গৌৰী গডছেৰ বিচাৰপীঠে কয় যে কোনোবাই নিজৰ অনুভৱ প্ৰকাশ কৰাৰ বাবেই আপুনি কাৰোবাৰ জীৱন ধ্বংস কৰিব বিচাৰে নেকি? কলেজৰ কৰ্তৃপক্ষক ন্যায়ালয়ে প্ৰশ্ন কৰে “আপোনালোকে ছাত্ৰীগৰাকীক কলেজৰ পৰা কেনেকৈ বহিষ্কাৰ কৰিলে?

ছাত্ৰীগৰাকীৰ  অধিবক্তা ফাৰহানা শ্বাহে আদালতত কয় যে কলেজে ছাত্ৰীগৰাকীৰ অধিকাৰ কাঢ়ি লোৱা ​​হৈছে। ছেমিষ্টাৰৰ বাকী থকা পৰীক্ষাবোৰত তাইক বহিবলৈ দিয়া নহল।

এই কথা শুনাৰ পিছত ন্যায়ালয়ে চৰকাৰ, আৰক্ষী আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰি ছাত্ৰীগৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

Related News