NORTHEAST NOW (Assamese)
Popular Stories

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2025 2:01 pm

সম্প্ৰতি বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা! পৰিণতিত একাংশ লোকে নৃশংস অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ পোহৰলৈ আহিছে কৰ্ণাটকৰ হাবেৰি জিলাত এগৰাকী মাতৃৰ জঘন্য কাণ্ড। গংগাম্মা নামৰ এগৰাকী মহিলাই তেওঁৰ প্ৰেমিক অন্নপ্পাৰ সৈতে মিলি নিজৰ ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

জানিব পৰা মতে, গংগাম্মাৰ পূৰ্বৰ বিয়া হৈছিল আৰু তেওঁৰ এটি সন্তান আছিল। কিন্তু তেওঁ অন্নপ্পা নামৰ এজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। প্ৰথমে চিনাকি তাৰ পৰাই আৰম্ভ হোৱা ফোনৰ কথোপকথনৰ জৰিয়তে প্ৰেমলৈ ৰূপান্তৰিত হয়। এই সম্পৰ্কৰ বাবে গংগাম্মাই পৰিয়ালৰ প্ৰতি গুৰুত্ব কম দিবলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁৰ স্বামীৰ সন্দেহ জাগে। স্বামীয়ে পত্নীৰ পৰকীয়া সম্পৰ্কৰ কথা নিশ্চিত হলেও তেওঁ একো কৰিব নোৱাৰিলে। পাছত গংগাম্মাই নিজৰ কন্যাক লৈ প্ৰেমিকৰ সৈতে পলায়ন কৰে।

স্বামীয়ে যেতিয়া কন্যাক লগ কৰিবলৈ যায়, গংগাম্মাই বিভিন্ন অজুহাত দেখুৱাই তেওঁক বাধা দিয়ে। সন্দেহজনক হৈ স্বামীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তদন্তত পোহৰলৈ আহে যে গংগাম্মা আৰু অন্নপ্পাই শিশুটিৰ ডিঙি চেপি হত্যা কৰি মৃতদেহ জ্বলোৱাৰ চেষ্টা কৰিছিল, কিন্তু সম্পূৰ্ণৰূপে জ্বলি নাযায়। আৰক্ষীয়ে শিশুটিৰ আধা জ্বলা মৃতদেহ উদ্ধাৰ কৰে আৰু গংগাম্মা আৰু অন্নপ্পাক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।