NORTHEAST NOW (Assamese)

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

June 25, 2022 9:02 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

অহা ২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এইকথা জানিবলৈ দিছে।

প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ঘোষণা কৰা অফিচিয়েল ৱেবছাইট পৰীক্ষাৰ ফলাফল চাব পাৰিব।

ফলাফলবোৰ  ahsec.nic.in আৰু resultsassam.nic.in ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে। 

https://twitter.com/himantabiswa/status/1540528945975529472

এই বছৰ, প্ৰায় ২.৫ লাখ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। যোৱা ১৫ মাৰ্চৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হৈছিল ১২ এপ্ৰিললৈকে চলিছিল। 

অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেনেদৰে চাব:

AHSEC-ৰ অফিচিয়েল ৱেবছাইট খুলিব

AHSEC ফলাফল ২০২২ বুলি থকা লিংকটোত ক্লিক কৰিব

প্ৰৱেশ পত্ৰত থকা ৰোল নম্বৰ দিব

ছাবমিট বুটামত ক্লিক কৰিব

অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২২ৰ ফলাফল আপোনাৰ স্ক্ৰীণত প্ৰদৰ্শিত হ’ব।

Related News