NORTHEAST NOW (Assamese)

স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি

September 16, 2024 1:06 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
ফটোঃ নৰ্থইষ্ট নাও।

বিদ্যুৎ বিভাগে প্ৰৱৰ্তন কৰা স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰা ৭২ ঘন্টীয়া অনশনৰ আজি অন্ত পৰিছে।

জেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মণিৰুল ইছলাম বড়াই চৰ্বত খোৱাই ভংগ কৰোৱায় অনশন ।

ইপিনে অনশনস্থলীৰ পৰাই পুনৰ ছাত্ৰমুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰক, শক্তি মন্ত্ৰী হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে।

লগতে পঢ়কঃ ADREৰ নিয়ম ভংগৰ চেষ্টা কৰাৰ বাবে চাৰিজনক গ্ৰেপ্তাৰ

অচিৰেই দাবী মানি নল’লে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন অধিক প্ৰবল কৰি তোলা হ’ব বুলিও হুংকাৰ দিয়ে সমিতিয়ে।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এপিডিচিএলে প্ৰৱৰ্তন কৰা স্মাৰ্ট মিটাৰে ৰাজ্যৰ জনসাধাৰণক অত্যধিক মাছুল ভৰিবলৈ বাধ্য কৰাৰ লগতে স্মাৰ্ট মিটাৰৰ বিসংগতিকলৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে যুৱতীয়ে!

কেবল সাধাৰণ জনতাই নহয়, শেহতীয়াকৈ আনকি ৰাজ্যৰ একাংশ নেতাইও স্মাৰ্ট মিটাৰৰ বিসংগতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। 

Related News