NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ সত্ৰত নিৰ্মাণ হ’ব বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ : বয়ন কাৰ্যৰ শুভাৰম্ভ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ July 6, 2019 11:12 am
Screenshot_20190706-103917_Video Player

৫৫০ বছৰ পূৰ্বেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰ নকল ৰূপ নিৰ্মাণ হ’ব মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত। উল্লেখ্য যে বস্ত্ৰখনত বৃন্দাবনত থকা সময়ৰ শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।

প্ৰকৃত বৃন্দাৱনী বস্ত্ৰ খনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিচৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।

বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনীৰ কলা-কুশলতাৰ নিদৰ্শন দাঙি ধৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ কীৰ্তিস্তম্ভ বৃন্দাবনী বস্ত্ৰভাগ জাতীয় জীৱনৰ শিৰৰ মুকুটস্বৰূপ।এই বস্ত্ৰভাগী বৰ্তমানেও লোক চক্ষুৰ বহু আঁতৰত।

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ, শিল্পী সমাজ তথা গুৰুজনাৰ অনুগামী একাংশৰ সন্মিলিত প্ৰচেষ্টাত বস্ত্ৰভাগৰ অনু মাত্ৰ আকৃতি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭ জুলাইৰ পুৱা ১১.৪৫ বজাৰ পৰা শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত আয়োজিত অনুকৃতিমূলক বৃন্দাৱনী বস্ত্ৰ বয়ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানতে  মুখ্য মন্ত্ৰীয়ে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰিব।

তদুপৰি, মীন বিভাগে ‘’মুখ্য মন্ত্ৰীৰ জলাশয় সংৰক্ষণ আৰু জলজ-কৃষি উন্নয়ন কাৰ্যসূচী- জীৱন ডিঙা’’ৰ অধীনত মাজুলীৰ ভেৰেকী বিলত ৰূপায়ণ কৰিবলৈ লোৱা জলাশয় উন্নয়ন আঁচনি এখনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।