NORTHEAST NOW (Assamese)
অসম

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2021 8:30 pm
ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰতীয় সেনা বাহিনী আৰু পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ মাজত এল এ চিৰ বিষয় সন্দৰ্ভত অনুষ্ঠিত হোৱা নৱম লানি কোৰ্পছ কামাণ্ডাৰ লেভেলৰ বৈঠক সন্দৰ্ভত মত প্ৰকাশ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে।

ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা দিয়া হৈছে।

‘‘দুয়ো পক্ষই শীৰ্ষস্থানত থকা সৈন্য বাহিনীক পিছুৱাই অনাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে,’’ ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ।

আনহাতে, পৰৱৰ্তী বৈঠকো নিৰ্দিষ্ট সময়তে সৈন্য বাহিনীক পিছুৱাই অনাৰ ক্ষেত্ৰত শীঘ্ৰেই অনুষ্ঠিত কৰা হ’ব বুলি ভাৰতীয় সেনাৰ তৰফৰ পৰা উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনা সৈন্যৰ মাজত নৱম লানি বৈঠকৰ পূৰ্বে ছিকিমৰ ভাৰত-চীন সীমান্তত দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত এক সংঘৰ্ষ হয়।

দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৪ গৰাকী ভাৰতীয় জোৱান আৰু ২০ গৰাকী চীনা জোৱান আঘাতপ্ৰাপ্ত হয়।

অৱশ্য ছিকিম সীমান্তৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।