NORTHEAST NOW (Assamese)

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

August 8, 2025 8:06 pm · নৰ্থ-ইষ্ট নাও

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰই কয় যে ইণ্ডোনেছিয়াই গাজাৰ দুহেজাৰ আহত লোকৰ চিকিৎসা কৰিব।

এই লোকসকল কেনেকৈ ইণ্ডোনেছিয়াত উপস্থিত হব সেয়া এতিয়াও জনোৱা হোৱা নাই।

ইণ্ডোনেছিয়াই কয় যে ছিংগাপুৰৰ দক্ষিণে থকা গলাং দ্বীপত দেশখনৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰালয়ৰ সমন্বয়ত চিকিৎসাৰ সুবিধা স্থাপন কৰা হব।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘই এই দ্বীপত ভিয়েটনামী শৰণাৰ্থীক আশ্ৰয় দিছিল আৰু মহামাৰীৰ সময়ত কভিড ৰোগীৰ চিকিৎসাৰ বাবে তাত এখন চিকিৎসালয় স্থাপন কৰা হৈছিল।

মুখপাত্ৰগৰাকীয়ে কয় যে যেতিয়া তেওঁলোক সুস্থ হৈ উঠিব আৰু তেওঁলোকৰ যত্ন সম্পূৰ্ণ হ’ব, তেতিয়া তেওঁলোক গাজালৈ উভতি যাব।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’ও ছুবিয়ানটোৱে এপ্ৰিল মাহত কৈছিল যে ইণ্ডোনেছিয়াই প্ৰায় ১ হাজাৰ গাজাবাসীক আশ্ৰয় দিবলৈ সাজু হৈছে।

Related News