NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইজৰাইলী সেনাই জব্দ কৰিলে গাজালৈ সাহায্য কঢ়িয়াই অনা জাহাজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2025 9:38 pm
ইজৰাইলী সেনাই জব্দ কৰিলে গাজালৈ সাহায্য কঢ়িয়াই অনা জাহাজ

গাজালৈ সাহায্য সামগ্ৰী কঢ়িয়াই অনা কেইবাখনো জাহাজ জব্দ কৰিছে ইজৰাইলৰ সেনাই।

জানিব পৰা মতে, খাদ্য আৰু ঔষধ কঢ়িয়াই অনা ৯ খন নাও আগুচি ধৰিছে ইজৰাইলৰ সেনা-বাহিনীয়ে।

এই নাও কেইখনত প্ৰায় ১৫০ জন লোক আছিল বুলি জানিব পৰা গৈছে।

আন্তঃৰাষ্ট্ৰীয় জলসীমাত জব্দ কৰি ৰখা হয় এই নাওকেইখনক।

ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে এই সম্পৰ্কে কয় যে নৌসেনাৰ অৱৰোধ ভংগ কৰি যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰাৰ প্ৰচেষ্টাক ব্যৰ্থ কৰা হৈছে।

উল্লেখ্য যে যোৱা সপ্তাহতো গাজালৈ সাহায্য কঢ়িয়াই অনা ৪২খন নাৱৰ কনভয়ক বাধা দিয়া হৈছিল।এই কনভয়ত ছুইডেনৰ জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গকে ধৰি ৪৭৯ জন পেলেষ্টাইন সমৰ্থক কৰ্মী আছিল। তেওঁলোকক আটক কৰি বিতাৰণ কৰা হৈছিল।