NORTHEAST NOW (Assamese)
দেশ

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2025 12:36 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জম্মু-কাশ্মীৰ চৰকাৰে জামাত-ই-ইছলামী আৰু ইয়াৰ সংযুক্ত সংস্থা ফালাহ-ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব ল’বলৈ সিদ্ধান্ত লৈছে।শিক্ষা বিভাগে যোৱা ২২ আগষ্টত জাৰি কৰা এক নিৰ্দেশত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষা আৰু আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

নতুন নিৰ্দেশ অনুসৰি এতিয়া জিলা দণ্ডাধীশ আৰু উপায়ুক্তই এই বিদ্যালয়সমূহৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি নতুন পৰিচালনা সমিতি গঠন কৰিব।গৃহ মন্ত্ৰালয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত আৰু তাৰ পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰৰ জামাত-ই-ইছলামীক অবৈধ সংগঠন হিচাপে ঘোষণা কৰিছিল।

পিটিআইৰ তথ্য অনুসৰি এই বিদ্যালয়সমূহৰ বৰ্তমানৰ পৰিচালন সমিতিসমূহৰ বৈধতাৰ ম্যাদ উকলি গৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে নেতিবাচক প্ৰতিবেদন ওলাইছে। এই ভিত্তিত চৰকাৰে সকলো বিদ্যালয়ৰ দায়িত্ব জিলা প্ৰশাসনৰ হাতত অৰ্পণ কৰিছে।

আদেশত কোৱা হৈছে যে বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সমন্বয় সাধন কৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা যাতে ব্যাহত নহয় আৰু শিক্ষাৰ মান নতুন শিক্ষা নীতি অনুযায়ী হৈ থাকে।

শিক্ষা বিভাগৰ সম্পাদক ৰাম নিৱাস শৰ্মাই কয়, “এই পদক্ষেপ কেৱল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষা আৰু মংগলৰ বাবেহে গ্ৰহণ কৰা হৈছে।”