NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী লোকসভা সমষ্টিত আজিৰ পৰা আৰম্ভ হ’ল “অসমতো কেজৰিৱাল” কাৰ্যসূচী।

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী February 25, 2024 4:37 pm

গুৱাহাটী লোকসভা সমষ্টিত আজিৰ পৰা আৰম্ভ হ’ল “অসমতো কেজৰিৱাল” কাৰ্যসূচী। মহানগৰীৰ বশিষ্ঠ চাৰিআলিস্থিত শিশু উদ্যান প্ৰাংগনত বহু সংখ্যক দলীয় নেতা – কৰ্মীৰ উপস্থিতিত আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ মুৰব্বী ডাঃ ভবেন চৌধুৰীয়ে মুকলি কৰে ১০ দিনীয়া দলীয় কাৰ্যসূচী।

অসমতো কেজৰিৱাল কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰৰ কাষ চপাৰ অভিযান আৰম্ভ কৰে অসম ৰাজ্যিক আম আদমী পাৰ্টিয়ে।

দলৰ ৰাজ্যিক কমিটিৰ মুৰব্বী ডাঃ ভবেন চৌধুৰীয়ে অসমতো কেজৰিৱাল কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পূৰ্বে দলৰ জ্যেষ্ঠ মুখপাত্ৰ ড০ অনুৰূপা ডেকা ৰজা আৰু মিডিয়া কোষৰ মুৰব্বী জয়ন্ত কুমাৰ কলিতাই ভাষণ প্ৰদান কৰে।

সমাগত লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত আম আদমী পাৰ্টিৰ সপক্ষে ৰায়দান কৰিবলৈ তেওঁলোকে আহ্বান জনায়।