NORTHEAST NOW (Assamese)

হাথৰাছৰ ঘটনাত হাইকোৰ্টে ল’লে নিজা উদ্যোগ; বিষয়াসকলক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ

October 2, 2020 8:37 am · এন ই নাও নিউজ
হাথৰাছত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ছবি।

উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী যুৱতীক ধৰ্ষণ কৰি নিষ্ঠুৰভাৱে হত্যা কৰা ঘটনাৰ এলাহাবাদ হাইকোৰ্টৰ লক্ষ্ণৌ বেঞ্চে ন্যায় দিয়াৰ বাবে নিজাকৈ উদ্যোগ গ্ৰহণ কৰিছে।

অহা ১২ অক্টোবৰত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব, ডিজিপি, এডিজি(আইন-শৃংখলা), হাথৰাছৰ জিলা প্ৰশাসক তথা আৰক্ষী অধীক্ষককে ধৰি উত্তৰ প্ৰদেশৰ শীৰ্ষ বিষয়াসকলক  ন্যায়াধীশে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

তেওঁলোকে সেইদিনা প্ৰয়োজনীয় নথি-তথ্যসহ তেওঁলোকৰ বক্তৱ্য  দাঙি ধৰিব লাগিব।

সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ভিত্তিত যুৱতীগৰাকীৰ পিতৃ, মাতৃ, ভাতৃকে ধৰি পৰিয়ালৰ সদস্যসকলক আদালতত হাজিৰ কৰাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

হাইকোৰ্টখনৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ ৰঞ্জন ৰায় আৰু জছপ্ৰীত সিঙে এই নিৰ্দেশ জাৰি কৰিছে। আদালতে যুৱতীগৰাকীৰ  শেষকৃত্য সম্পৰ্কতো পৰিয়ালৰ বক্তৱ্য শুনিব।

বিচাৰপীঠখনে দিয়া এই নিৰ্দেশত মহাত্মা গান্ধীক উদ্ধৃত কৰা হৈছে। বিচাৰপীঠখনে কৈছে, ‘’কেইখনমান বাতৰিকাকতৰ প্ৰতিবেদন আৰু অডিঅ’-ভিজুৱেল মিডিয়াৰ অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি অতি সংবেদনশীল তথা গুৰুত্বপূৰ্ণ বিষয়টো আমি নিজাববীয়াকৈ উদ্যোগ ল’বলৈ বাধ্য হৈছো। ই দেশৰ নাগৰিক আৰু ৰাজ্যখনৰ লোকৰ মানৱীয় বা মৌলিক অধিকাৰক আঘাত কৰিছে।‘’

ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী তথা অচিনাক্ত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ১৪৪ধাৰা ভংগৰ বাবে এফ আই আৰ দাখিল কৰাৰ কথা জানিব দিছে গৌতম বুদ্ধ নগৰৰ আৰক্ষী আয়ুক্তগৰাকীয়ে।

তদুপৰি, বৃহৎ সমাৱেশেৰে মহামাৰী আইন উলংঘাৰ অভিযোগতো তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

Related News