NORTHEAST NOW (Assamese)

Shivsena rebel group leave Guwahati: নিজম পৰিল গুৱাহাটী! অৱশেষত হোটেল ৰেডিছন ব্লু এৰি গোৱালৈ ৰাওনা একনাথ সিন্দে বাহিনীৰ

June 29, 2022 6:01 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

গুৱাহাটী: Shivsena rebel group leave Guwahati সপ্তাহ জোৰা উৎকন্ঠাৰ অন্তত অৱশেষত হোটেল ৰেডিছন ব্লু এৰিলে একনাথ সিন্দে বাহিনীয়ে। হোটেল ৰেডিছন ব্লুৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ ৰাওনা হৈছে বিধায়কসকল।

বিমান বন্দৰৰ পৰা বিশেষ চাৰ্টাৰ্ড বিমানযোগে গোৱালৈ ৰাওনা হ’ব মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী দলটো।  গোৱাৰ হোটেল তাজত থাকিবগৈ বিসম্বাদী বিধায়কৰ দলটো।

লগতে পঢ়ক: শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

যোৱা ২২ জুনৰ পৰা হোটেল ৰেডিছন ব্লুত বাহৰ পাতি আছিল শিৱসেনাৰ বিসম্বাদী শিবিৰৰ প্ৰায় ৫০ গৰাকী বিধায়ক।

আজি বিয়লি প্ৰায় ৫ বজাত হোটেল ৰেডিছন ব্লু এৰে বিসম্বাদী বিধায়কৰ দলটোৱে।

শিৱসেনাৰ বিসম্বাদী শিবিৰটোৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই শিৱসেনাৰ ৪০ গৰাকী বিধায়কসহ মুঠ NCP নিৰ্দলীয় মিলাই ৫০ গৰাকী বিধায়ক তেওঁৰ সমৰ্থনত আছে বুলি দাবী কৰিছে।

লগতে পঢ়ক: Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

এনে পৰিস্থিতিত কাইলৈ বিধানসভাত কোন পক্ষই নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে, সেয়া লক্ষ্যণীয় হ’ব।

Related News