NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 17, 2025 8:50 am
ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ইউক্ৰেইনত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধি দলে তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত  কৰা বৈঠকৰ অন্ত পৰিছে।

বৈঠকৰ অন্তত ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুষ্টাম উমেৰভে কয় যে দুয়োখন দেশে এক হাজাৰকৈ যুদ্ধবন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছে।

তেওঁ কয়, “আমি যুদ্ধবিৰতি আৰু মানুহৰ বিনিময়ৰ বিষয়ত আলোচনা কৰিলোঁ। এক হাজাৰ লোকক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চুক্তি আমাৰ বৈঠকৰ ফল।”

শান্তি আলোচনাত ৰাছিয়াৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া ভ্লাদিমিৰ মেণ্ডিনস্কিয়ে কয়দী বিনিময়ৰ ক্ষেত্ৰত হোৱা চুক্তি নিশ্চিত কৰে।

তেওঁ কয়, “ইউক্ৰেইনৰ পক্ষই অনুৰোধ জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ মাজত প্ৰত্যক্ষ আলোচনা হওক। আমি তেওঁলোকৰ অনুৰোধ লিপিবদ্ধ কৰিছো।”

মেণ্ডিনস্কিয়ে কয় যে আমি এই কথাত একমত হৈছো যে প্ৰতিটো পক্ষই ভৱিষ্যতে সম্ভাৱ্য যুদ্ধবিৰতিৰ সন্দৰ্ভত নিজৰ দৃষ্টিভংগী দাঙি ধৰিব।