ৰাজ্যত দেওবাৰে এইকেইখন জিলাত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব পাৰে ভয়ংকৰ ৰূপ। প্ৰবল ধুমুহা-বৰষুণে আহিব পাৰে অসমত।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰৰ বাবে জাৰি কৰিছে এই সতৰ্কবাণী।
দেওবাৰৰ বাবে ৰাজ্যৰ ১৪খন জিলাত জাৰি কৰা হৈছে ইয়েল্ল সতৰ্কতা। দেওবাৰৰ বাবে ইয়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা জিলাত।
মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, ধেমাজি মাজুলী, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবেও দেওবাৰৰ দিনটোৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
এই সময়ছোৱাত এই জিলাসমূহৰ দুই-এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। একেদৰে, বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।