NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ : ৫ মাহে মুকলি নহ’ল ৰঙিয়াৰ এপ’ল মিলৰ ১০.১১ কোটি

Posted by: এন ই নাও নিউজ September 4, 2018 11:12 am
APOLL

অৰ্থৰ অভাৱত বিগত ২০ মাহে বন্ধ হৈ থকা ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে যোৱা ৭ মাৰ্চত কেবিনেট বৈঠকযোগে ১০.১১ কোটি টকাৰ এক অনুদান মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পিচে, আজি ৫ মাহ অতিক্ৰম কৰাৰ পাছতো মিলটোৱে এই ধনৰাশি লাভ কৰা নাই।

ৰাজ্য চৰকাৰৰ কেবিনেটে মিলটো পুনৰুজ্জীৱিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল সেই সময়ত উৎফুল্লিত হৈ পৰাৰ লগতে ৰঙিয়াবাসীও আনন্দিত হৈ পৰিছিল। কিয়নো ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ বৃহৎ সূতাকল ৰূপে পৰিচিত ৰঙিয়াৰ এই মিলটো পুনৰুজ্জীৱিত কৰাৰ বাবে এপ’ল মিল শ্ৰমিক সন্থাৰ লগতে আছুকে ধৰি কেইবাটাও জাতীয় দল-সংগঠনে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ অনীহাৰ ফলতে আজিকোপতি মিলটোৱে কেবিনেটে অনুমোদন দিয়া ধনৰাশিখিনি লাভ কৰা নাই। বিত্ত বিভাগৰ টেবুলে টেবুলে মিলটোৰ বাবে অনুমোদন দিয়া ১০.১১ কোটি টকাৰ ফাইল যোৱা ৫ মাহ ধৰি ঘুৰি আছে।

সোমবাৰে এই সন্দৰ্ভত এপ’ল মিল শ্ৰমিক সন্থাই এটা বিবৃতিযোগে বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক সকীয়াই দিছে। সন্থাৰ সাধাৰণ সম্পাদক দুৰ্গাৰাম হালৈয়ে স্বাক্ষৰ কৰা বিবৃতিটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন দিয়া ১০.১১ কোটি টকা ৫ মাহৰ পাছতো চৰকাৰৰ বিত্ত বিভাগে মোকলাই নিদিয়াৰ আঁৰত ৰহস্য লুকাই আছে।

চৰকাৰে এই ধনৰাশিৰ মাত্ৰ ১ কোটি টকা যোৱা মে’ মাহত মোকলাই দিছিল মিলৰ সঞ্চালক মণ্ডলীৰ সভাই এই ১ কোটি টকাৰে বিদ্যুতৰ বকেয়া বিল, শ্ৰমিক-কৰ্মচাৰীৰ এমাহৰ দৰমহা আৰু শেঠিয়া ইণ্টাৰনেশ্যনেলৰ বকেয়া পৰিশোধ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত সচিবজনে এই সমুদায় ধন শেঠিয়া ইণ্টাৰনেশ্যনেলৰ বকেয়া পৰিশোধৰ বাবে জোৰ দিয়ে। পাছত সমবায় বিভাগৰ অতিৰিক্ত সচিবজনৰ হেঁচাত পৰি মিল কৰ্তৃপক্ষই শেঠিয়া ইণ্টাৰনেশ্যনেলকে সমুদায় ১ কোটি টকা পৰিশোধ কৰে।

আনহাতে, সেই ১ কোটি টকাৰ পাছত এতিয়ালৈকে বাকী ৯.১১ কোটি টকা মোকলাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো সদিচ্ছা দেখুওৱা নাই।

মৃত্যুৰ দুৱাৰডলিত আহি উপনীত হোৱা এনে পৰিস্থিতিত অহা বিশ্বকৰ্মা পূজাৰ পূৰ্বে যদি চৰকাৰে ধনখিনি মোকলাই দি মিলটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে মিলৰ সকলো শ্ৰমিক-কৰ্মচাৰীকে স্বেচ্ছামূলক অৱসৰ দিবলৈ এপ’ল মিল শ্ৰমিক সন্থাই বিবৃতিযোগে চৰকাৰৰ ওচৰত দাবী জনাইছে।