NORTHEAST NOW (Assamese)
Popular Stories

৮ গৰাকী কন্যা সন্তানক ঘৰত থৈ পথাৰত কাম কৰি আছিল মাতৃয়ে, তাতেই ঘটিল মৰ্মান্তিক ঘটনাটো

Posted by: এন ই নাও, গুৱাহাটী Updated by: এন ই নাও, গুৱাহাটী June 25, 2023 5:45 pm

ভৰতপুৰ জিলাৰ এগৰাকী মহিলা। ৮ টাকৈ কন্যা সন্তানৰ মাতৃ আছিল তেওঁ। নৱম বাৰৰ বাবে আকৌ গৰ্ভৱতী হৈছিল মহিলাগৰাকী। ৮ মাহৰ গৰ্ভৱতী আছিল মহিলাগৰাকী।

গৰ্ভাৱস্থাতে ঘৰত ৮ টাকৈ কন্যা সন্তানক এৰি পথাৰত কাম কৰি আছিল মহিলাগৰাকীয়ে। তাতেই ঘটিল এক মৰ্মান্তিক ঘটনা।

মহিলাগৰাকীৰ ঘৰ ভৰতপুৰ জিলাৰ কৰৌলীৰ মছলপুৰ থানা এলেকাত। মহিলাগৰাকীৰ ডাঙৰ ছোৱালীজনীৰ বয়স বিছ বছৰ, সৰুজনীৰ বয়স ৩ৰ পৰা ৪ বছৰৰ ভিতৰত। এনে অৱস্থাত পুনৰ গৰ্ভৱতী হৈছিল মহিলাগৰাকী।

পথাৰত কাম কৰি থকা অৱস্থাত সাপে কামুৰিলে মহিলাগৰাকীক। সৰ্প দংশনত কিছু সময়ৰ পিছতেই মৃত্যুক আকোৱালি লয় মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ লগতে মৃত্যু হয় গৰ্ভস্থ সন্তানটোৰ।

এই কৰুণ দুৰ্ঘটনাৰ পিছতে মহিলাগৰাকীৰ পৰিয়াল স্তম্ভিত হৈ পৰিছে।

মছলপুৰ থানাৰ মুৰব্বী কনিষ্টবল শিৱ কুমাৰে জানিবলৈ দিয়া মতে, এই ঘটনা সংঘটিত হৈছে থানা এলেকাৰ ৰতিয়াপুৰ গাঁৱত।

শনিবাৰে ৰাজপালৰ পত্নী গীতা দেৱী (৪২)য়ে নিজৰ পথাৰত কাম কৰি আছিল। গীতা দেৱীৰ গৰ্ভৱতী আছিল আঠ মাহৰ। সেই সময়ত পথাৰত বিষাক্ত সাপে কামুৰিলে। তাতে তেওঁ অচেতন হৈ পৰিল। খবৰটো শুনি আত্মীয়ই তালৈ লৰালৰিকৈ গৈ তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে।

চিকিৎসালয়ত পৰীক্ষাৰ অন্তত চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে। পিছত পৰিয়ালৰ লোকে মৃতদেহটো নিজৰ ঘৰলৈ লৈ যায়।