NORTHEAST NOW (Assamese)

অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আহি আছে ৫ ঘণ্টীয়া ‘বাহুবলী: দ্য এপিক’

August 29, 2025 1:53 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় চিনেমাৰ ইতিহাসৰ এটা নতুন অধ্যায়ৰ নাম ‘বাহুবলী’। ২০১৫ চনত মুক্তি পোৱা ‘বাহুবলী: দ্য বিগিনিং’ আৰু ২০১৭ চনত মুক্তি পোৱা ‘বাহুবলী: দ্য কনক্লুচন’য়ে দেশখনক ধুমুহাৰ দৰে জোকাৰি গৈছিল, আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তুলিছিল আলোড়ণ।

তেতিয়াৰ পৰাই তৃতীয় খণ্ড আহিব নেকি তাক লৈ তুমুল চৰ্চা চলিছিল। অনুৰাগীৰ সেই অপেক্ষাৰ অন্ত পেলাই নিৰ্মাতাসকলে আনুষ্ঠানিকভাৱে মুকলি কৰিছে ‘বাহুবলী: দ্য এপিক’ৰ প্ৰথম লুক।

যোৱা মঙলবাৰে মুক্তি পোৱা এই অফিচিয়েল ফাৰ্ষ্ট লুকে আকৌ এবাৰ দেখুৱাইছে মহিশমতী সাম্ৰাজ্যৰ গৌৰৱ, যুদ্ধ আৰু ৰাজকীয় দৃশ্য। বহু বছৰৰ মূৰত প্ৰভাসক বাহুবলী ৰূপত ঘূৰি অহা দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে। মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত উন্মাদনাৰ সৃষ্টি হয়।

‘বাহুবলী: দ্য এপিক’ কেবল নামতে নতুন নহয়, ইয়াৰ নিৰ্মাণতো এক নতুনত্ব আছে। এই খণ্ডৰ দৈৰ্ঘ্য হ’ব ৫ ঘণ্টা ২৭ মিনিট, যিখন এক কথাত ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া মূলসুঁতিৰ ছবি। এইটো কোনো এক্সটেণ্ডেট কাট নহয়, কিন্তু এটা সম্পূৰ্ণ আৰু ধাৰাবাহিক কাহিনী অবিৰতভাৱে কোৱা হ’ব।

নিৰ্মাতাসকলে দাবী কৰে যে এইটো হ’ব এক ব্যতিক্ৰমী অভিজ্ঞতা, য’ত দৰ্শকৰ ধৈৰ্য্য আৰু মনোযোগেই মূল চাবিকাঠি হ’ব। ‘বাহুবলী: দ্য বিগিনিং’ বক্স অফিচত প্ৰায় ৬৫০ কোটি টকা উপাৰ্জন কৰিছিল। ‘বাহুবলী: দ্য কনক্লুজ’য়ে বক্স অফিচ কঁপাই ১৭৮৮ কোটি টকা উপাৰ্জন কৰিছিল।

Related News