NORTHEAST NOW (Assamese)

Crime in the City: মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ

February 8, 2022 2:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 8, 2022 5:11 pm

মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনাই নতুন মোৰ লৈছে।

আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্ত অব্যাহত ৰখাৰ সময়তে আৰক্ষীৰ হাতত আহি পৰিছে গুৰুত্বপূৰ্ণ ক্লু।

আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে অনু হাজৰিকাৰ পৰিচাৰক জিণ্টু হাজৰিকাক।

ধৃত জিণ্টু হাজৰিকাৰ বিস্ফোৰক স্বীকাৰোক্তি মতে সোমবাৰে দিনৰ ১১ বজাত হিচাপ পৰীক্ষক অক্ষয়ে ফোন কৰিছিল জিণ্টুক।

তেওঁক অনু হাজৰিকাৰ কোঠাত অকলে সোমাব মানা কৰিছিল অক্ষয়ে।

লগতে পঢ়ক: অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুটি নতুন অতিথি; জন্ম পালে দুটাকৈ ঢেকীয়াপতীয়াৰ পোৱালী

ইপিনে, জানিব পৰা মতে বাৰম্বাৰ সলনি হৈছে পৰিচাৰক জিণ্টুৰ ভাষ্য।

ক’ভিড পৰিস্থিতিৰ বাবে অনু হাজৰিকাই, বেংকলৈ যোৱা বন্ধ কৰিছিল যাৰ বাবে ঘৰতে ৰাখিছিল লক্ষাধিক টকা।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনু হাজৰিকাৰ গাড়ীৰ চালক প্ৰাণজিৎ শৰ্মাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে।

লগতে পঢ়ক:হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ

ইপিনে, জানিব পৰা মতে অক্ষয়কো আৰক্ষীয়ে সোধপোছ কৰিছে আৰু অধইক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আশা কৰা হৈছে আৰক্ষীয়ে শীঘ্ৰেই মূল অপৰাধীক পোহৰলৈ আনিবলৈ সক্ষম হব।

Related News