NORTHEAST NOW (Assamese)
Popular Stories

সহস্ৰাধিক নিবনুৱাৰ জীৱনক লৈ হিমন্ত চৰকাৰৰ চুপতি! পুৰণি ৫,৫৫০টা শিক্ষক পদ পূৰণ নকৰাকৈ জাৰি কৰিলে নতুন বিজ্ঞাপন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2025 12:06 pm

ডেৰ লাখ নিযুক্তিৰে চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰা হিমন্ত বিশ্ব চৰকাৰ তথা শিক্ষা বিভাগে সংঘটিত কৰিছে আচৰিত কাণ্ড। পুৰণি বিজ্ঞাপনৰ ভিত্তিত শিক্ষক পদ পূৰণ নকৰাকৈয়ে শিক্ষা বিভাগে বুধবাৰে পুনৰ প্রকাশ কৰিলে নিম্ন আৰু উচ্চ প্রাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ বিজ্ঞাপন। এনে বিসংগতিপূৰ্ণ বিজ্ঞাপন প্রত্যক্ষ কৰি এতিয়া চৰম দুশ্চিন্তাত পৰিবলগা হৈছে সহস্ৰাধিক প্রার্থী।

অধিক আগ্ৰহেৰে এবছৰৰো অধিক সময় অপেক্ষা কৰাৰ পাছত মেধা তালিকাৰ পৰিৱৰ্তে নতুন চাকৰিৰ বিজ্ঞাপন প্রত্যক্ষ কৰি মানসিকভাৱে ভাগি পৰিছে প্রার্থীসকল।

উল্লেখ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে ২০২৩ চনৰ ২৬ ডিচেম্বৰত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনৰ ভিত্তিত ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ ১৩ ফেব্ৰুৱাৰীত অন্ত পৰে। সেই অনুসৰি বহু নিবনুৱা প্ৰত্যাশীয়ে উক্ত পদসমূহৰ বাবে আবেদন কৰে। এনে আবেদনৰ পাছত প্রার্থীসকলে বহু আশাৰে শিক্ষা বিভাগে নথিসমূহ পৰীক্ষা কৰি মেধা তালিকা প্রকাশ কৰি তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন পূৰণ কৰাৰ আশা দেখিছিল।

আনকি ফুটনি মাৰি ভাল পোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো সেই সময়ত বহুকেইখন নির্বাচনী সভাত প্ৰচাৰ চলাই জুলাই মাহত শিক্ষক নিযুক্তি প্রক্রিয়া সমাপ্ত কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু আজি  এমাহ, দুমাহকৈ ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশৰ এবছৰ পাৰ হৈ গ’ল যদিও আবেদনকাৰী প্রার্থীসকলৰ নিযুক্তিৰ বাট মুকলি নহ’ল।  

ইয়াৰ মাজতে নিবনুৱা প্ৰাৰ্থীৰ মাজত চৰম বিভ্রান্তিৰ সৃষ্টি কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বুধবাৰে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদৰ বাবে ৪,৫০০ টা পদৰ বিজ্ঞাপন প্রকাশ কৰে। সেয়েহে এতিয়া স্বাভাৱিকতে এনে কাণ্ডক লৈ চাকৰি প্ৰত্যাশীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।