NORTHEAST NOW (Assamese)
অভিমত

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

Posted by: দীপশিখা বৰা শইকীয়া Updated by: দীপশিখা বৰা শইকীয়া July 10, 2026 6:38 pm

দীপশিখা বৰা শইকীয়া

জোনাক নিশা চোতালত বহি জোনবাইৰ সাধু শুনাৰ দিনবোৰ এতিয়া ইতিহাস হ’ল। বতাহত কঁপি উঠা গছৰ পাতখিলাৰ মাজত বা বৰষুণৰ টোপালত উৱলি যোৱা মাটিৰ গোন্ধত শিশুমনৰ যি স্বাভাৱিক কৌতুহল লুকাই আছিল, তাক যেন এতিয়া এটা ৫ ইঞ্চিৰ সৰু মোবাইল স্ক্ৰীণে নীৰৱে গ্ৰাস কৰি পেলালে। প্ৰযুক্তিৰ দ্ৰুত উত্তৰণ আৰু ইণ্টাৰনেটৰ সুলভতাই আমাক বিশ্বব্ৰহ্মাণ্ডৰ লগত পলকতে সংযোগ কৰিলে সঁচা, কিন্তু আমাৰ আটাইতকৈ আপোন মানুহখিনিৰ পৰা, আমাৰ সমাজ আৰু শিপাৰ পৰা বহু যোজন দূৰলৈ আঁতৰাই লৈ গ’ল।চোতালৰ সেই অনাবিল চিঞৰ-বাখৰবোৰ আজি যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত ক’ৰবাত হেৰাই গ’ল। বৰষুণৰ ধলত কাগজৰ নাও উটুৱাই দিয়াৰ যি অনাবিল আনন্দ, নাইবা গধূলি আইতা-ককাৰ  কোলাত বহি সাধুকথা শুনাৰ যি  অনুভৱ…সেই আপুৰুগীয়া স্মৃতিবোৰক যেন এতিয়া হাতৰ মুঠিত থকা এটা সৰু সঁজুলিয়ে আমাৰ জীৱনৰ পৰা আঁতৰাই এক যান্ত্ৰিক মৰুভূমিলৈ ঠেলি দিলে। মুদ্ৰাৰ এই জিলিকা পিঠিখনৰ বিপৰীতে থকা অন্ধকাৰ আৰু ভয়াৱহ দিশটোক লৈ আজি সমাজবিজ্ঞানী, শিক্ষাবিদ আৰু প্ৰতিজন সচেতন অভিভাৱক গভীৰভাৱে চিন্তিত হৈ পৰিছে। মোবাইলৰ এই সন্মোহনী মায়াজালত সোমাই আমাৰ ভৱিষ্যত প্ৰজন্মই বাস্তৱৰ সুন্দৰ আৰু স্বাভাৱিক পৃথিৱীখনক চিৰদিনৰ বাবে হেৰুৱাই পেলাইছে নেকি, সেয়া আজি সমগ্ৰ মানৱ সমাজৰ বাবে এক চৰম প্ৰত্যাহ্বান হিচাপে থিয় দিছে। 

বৰ্তমান সময়ত ল’ৰা-ছোৱালীবোৰৰ দিনটো আৰম্ভ হয় স্ক্ৰীণ স্ক্ৰল কৰি আৰু নিশাৰ চকুৰ টোপনিও হেৰায় এই স্ক্ৰল কৰাৰ অভ্যাসতে। ১৫ৰ পৰা ৩০ চেকেণ্ডৰ চুটি ভিডিঅ’ বা ৰিলছসমূহে আমাৰ অজানিতে মনৰ মাজত এক কৃত্ৰিম আনন্দ আৰু সাময়িক উত্তেজনাৰ জোৱাৰ তোলে। ইয়াৰ ফলত ব্যৱহাৰকাৰীসকল লাহে লাহে এক গভীৰ মানসিক নিচালৈ ঢাল খাই পৰে। এই ক্ষিপ্ৰতাৰ যুগত নৱপ্ৰজন্মৰ ধৈৰ্য, গভীৰ একাগ্ৰতা আৰু সৃষ্টিশীল চিন্তাৰ ক্ষমতা আশংকাজনকভাৱে হ্ৰাস পাইছে। কিতাপৰ এটা পৃষ্ঠা পঢ়িবলৈ বা এটা গুৰুত্বপূৰ্ণ বিষয় গভীৰভাৱে চিন্তা কৰিবলৈ টান পোৱা কিশোৰ-কিশোৰী এজনে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলৰ পৰ্দাত চকু থৈ পাৰ কৰি দিব পাৰে। এয়া কেৱল এক কু-অভ্যাস নহয়, বৰঞ্চ ই এক গভীৰ মানসিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে।প্ৰতিদিনে হাজাৰটা ভাৰ্চুৱেল লাইক আৰু শ -শ কমেন্ট পোৱা আমাৰ যুৱপ্ৰজন্ম প্ৰকৃততে বাস্তৱিক জীৱনত ভিতৰি ভিতৰি ভীষণ নিসংগ আৰু অকলশৰীয়া। একেখন ঘৰৰে সৰু-বৰ সকলো সদস্যই একেলগে বহিও কোনেও কাৰো মুখলৈ নোচোৱাকৈ, কোনো সুখে-দুখে কথা নপতাকৈ নিজৰ নিজৰ ফোনটোত ব্যস্ত থকাৰ দৃশ্য এতিয়া প্ৰতিখন ঘৰতে অতি সুলভ আৰু কৰুণ। ছ’চিয়েল মিডিয়াৰ পৰ্দাত প্ৰদৰ্শিত আনৰ গ্লেমাৰাছ জীৱন, দামী সাজ-পোছাক বা কৃত্ৰিম হাঁহিবোৰ চাই বহু যুৱক-যুৱতীয়ে নিজৰ অজানিতে নিজৰ সৰল জীৱনটোক হীন চকুৰে চাবলৈ লয়। ইয়াৰ পৰাই জন্ম হয় এক মানসিক অৱসাদ, হীনমন্যতা আৰু চৰম হতাশাৰ। যি সময়ত তেওঁলোকে তেজ-মঙহৰ সম্পৰ্কবোৰ বুজি পাব লাগিছিল, সমাজৰ প্ৰতি থকা দায়বদ্ধতা অনুভৱ কৰিব লাগিছিল আৰু মানুহৰ দুখত সমভাগী হ’বলৈ শিকিব লাগিছিল, সেই কোমল বয়সতে তেওঁলোকে লাইক আৰু শ্বেয়াৰৰ সংখ্যাৰ তুলাচনীত নিজৰ ব্যক্তিত্ব আৰু যোগ্যতা বিচাৰ কৰিবলৈ শিকিছে।

আমি যদি এতিয়াও সাৰ নাপাওঁ আৰু এই সোঁতক প্ৰতিহত নকৰোঁ, তেন্তে ভৱিষ্যতৰ মানৱ সমাজখন এক যান্ত্ৰিক মৰুভূমিত পৰিণত হ’ব। কেৱল সন্তানক বা প্ৰযুক্তিক দোষ দিলেই অভিভাৱক হিচাপে আমাৰ দায়িত্ব শেষ হৈ নাযায়। ইয়াৰ বাবে আমাক লাগিব এক সামগ্ৰিক সামাজিক আৰু পাৰিবাৰিক সজাগতা। পৰিয়ালসমূহত দৈনিক অন্ততঃ কিছু সময় সকলোৱে মোবাইল ফোন বা অন্য ডিজিটেল সঁজুলি বন্ধ কৰি মুখামুখি কথা পতাৰ এক সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগিব। সন্তানক ডিজিটেল আৰু ভাৰ্চুৱেল খেলৰ মায়াময় জগতখনৰ পৰা আঁতৰাই আনি   প্ৰকৃতিৰ সান্নিধ্য আৰু কিতাপ পঢ়াৰ প্ৰকৃত সোৱাদ দিব লাগিব। আমাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত কেৱল পৰীক্ষা- কেন্দ্ৰিক পাঠ্যক্ৰমৰ মাজতে আৱদ্ধ নাথাকি, ডিজিটেল স্বাস্থ্য আৰু মানসিক প্ৰশান্তিৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ ওপৰত মুকলি আলোচনাৰ পৰিৱেশ গঢ়িব লাগিব। নৱপ্ৰজন্মক আৱেগিকভাৱে বুজাব লাগিব যে স্ক্ৰীণৰ সিপাৰে থকা জগতখন কেৱল এটা চকুৰ ভ্ৰমহে, প্ৰকৃত সুন্দৰ জীৱনটো বাহিৰৰ বাস্তৱ পৃথিৱীখনতহে অপেক্ষা কৰি আছে।

মোবাইলৰ এই নীলা ক্ষতিকাৰক পোহৰে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ চকুৰ সৰলতা আৰু হৃদয়ৰ উষ্মতা চিৰদিনৰ বাবে কাঢ়ি নিব নোৱাৰে, তাৰ বাবে সময় থাকোতেই সমাজৰ প্ৰতিজন সচেতন নাগৰিক থিয় দিব লাগিব। আইতাৰ সাধুৰ সেই মৰমৰ দেশখন আৰু চোতালত উমলি থকা ল’ৰালিটোক আকৌ এবাৰ জীয়াই তুলিব লাগিব। আহক, আমি সকলোৱে মিলি আমাৰ নৱপ্ৰজন্মক এই কৃত্ৰিম চক্ৰবেহুৰ পৰা মুক্ত কৰোঁ আৰু তেওঁলোকক আকৌ এবাৰ বাস্তৱৰ মুক্ত আকাশৰ তললৈ, প্ৰকৃতিৰ বুকুলৈ আদৰি আনো।

 

(লেখক শ্ৰীমন্ত শঙ্কৰদেৱ অধ্যয়ন বিভাগ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক)