NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তৃতীয় লিংগৰ চিকিৎসক বিয়ঞ্চি লেইছৰাম এতিয়া বহুজনৰ প্ৰেৰণাৰ উৎস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 6:58 pm
1111

নাম তেওঁৰ বিয়ঞ্চি লেইছৰাম।

মণিপুৰৰ পশ্চিম ইম্ফলৰ বাসিন্দা বিয়ঞ্চিয়ে ক’ৰ’ণাতংকৰ সময়ত মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

বিয়ঞ্চি লেইছৰাম তৃতীয় লিংগৰ ব্যক্তি। উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তৃতীয় লিংগৰ এই গৰাকী চিকিৎসকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কোভিড ৰোগীৰ চিকিৎসাত দিন-ৰাতি একাকাৰ কৰি দিছে।

ইম্ফলৰ ছিজা হস্পিতাল এণ্ড ৰিছাৰ্চ ইনষ্টিটিউটত চিকিৎসক হিচাবে কৰ্মৰত বিয়ঞ্চি তৃতীয় লিংগৰ ব্যক্তি যদিও তেওঁ ইয়াৰ বাবে কোনো দিনেই অসুবিধাৰ সন্মুখীন হোৱা নাই।

দেখাত এগৰাকী ধুনীয়া ছোৱালীৰ দৰেই বিয়ঞ্চিৰ বৰ্তমান বয়স ২৭ বছৰ।

মণিপুৰত তৃতীয় লিংগৰ লোক সকলক লুপি মানবিছ বুলি কোৱা হয়।

লুপি মানবিছ সকলক সমাজে সহজভাৱে আজিও গ্ৰহণ কৰা নাই। ইয়াৰ ব্যতিক্ৰম ঘটা নাছিল বিয়ঞ্চিৰ ক্ষেত্ৰতো।

তৃতীয় লিংগৰ ব্যক্তি হোৱাৰ বাবেই বিয়ঞ্চিৰ পৰা দূৰে দূৰে থাকিছিল তেওঁৰ আত্মীয় সকলে।

কিন্তু নিজৰ কামৰ জৰিয়তে সকলো ধাৰণাৰ সলনি কৰিব পাৰিছে বিয়ঞ্চিয়ে।

এতিয়া বিয়ঞ্চিক সকলোৱে আপোন কৰি লৈছে।তৃতীয় লিংগৰ বিয়ঞ্চিৰ পূৰ্বে নাম আছিল ববই লেইছৰাম।

পুডুচেৰীলৈ গৈ তেওঁ লিংগ পৰিৱৰ্তনৰ এটা অস্ত্ৰোপচাৰ কৰি দেখিবলৈ সাইলাখ ছোৱালীৰ দৰে হৈ পৰিছিল।

তেতিয়াৰে পৰাই তেওঁৰ নাম হৈ পৰে বিয়ঞ্চি। প্ৰথম দৃষ্টিত কোনেও ক’ব নোৱাৰে যে বিয়ঞ্চি তৃতীয় লিংগৰ লোক।

মাতটো শুনাৰ পিছতহে তেওঁ তৃতীয় লিংগৰ বুলি মানুহে ধৰিব পাৰে।

সকলো সামাজিক প্ৰতিকূলতা নেওচি বিয়ঞ্চিয়ে ইম্ফলৰ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰিছে।

তৃতীয় লিংগৰ বিয়ঞ্চি এতিয়া দেশৰ বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।