NORTHEAST NOW (Assamese)
দেশ

মধ্য প্ৰদেশৰ বিষাক্ত কাহৰ ঔষধৰ গোচৰত শ্ৰীছান ফাৰ্মাৰ স্বতাধিকাৰীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2025 5:10 pm
মধ্য প্ৰদেশৰ বিষাক্ত কাহৰ ঔষধৰ গোচৰত শ্ৰীছান ফাৰ্মাৰ স্বতাধিকাৰীক গ্ৰেপ্তাৰ

মধ্য প্ৰদেশ আৰক্ষীয়ে চেন্নাইস্থিত শ্ৰীছান ফাৰ্মা কোম্পানীৰ স্বত্বাধিকাৰী এছ ৰংগনাথনক গ্ৰেপ্তাৰ কৰিছে। কোম্পানীটোৱে “কলড্ৰিফ” নামৰ বিষাক্ত কাহৰ চিৰাপ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই কাহৰ চিৰাপ খাই শেহতীয়াকৈ ৰাজ্যখনৰ ২০টা শিশুৰ মৃত্যু হৈছে।

জানিব পৰা মতে, মধ্য প্ৰদেশৰ বিশেষ তদন্তকাৰী দলে চেন্নাইত শ্ৰীছান ফাৰ্মাৰ স্বত্বাধিকাৰী এছ ৰংগনাথনক গ্ৰেপ্তাৰ কৰিছে। চেন্নাইত তেওঁৰ চিকিৎসা পৰীক্ষা কৰাৰ পিছত ছিণ্ডৱাৰালৈ অনা হ’ব।

কলড্ৰিফ নামৰ কাহৰ ঔষধ খাই বৃক্ক বিকল হৈ কেইবাটাও শিশুৰ মৃত্যুৰ পিছত যোৱা ৬ অক্টোবৰত গঠন কৰা হৈছিল ১২ জনীয়া বিশেষ তদন্তকাৰী দল।

তদন্তত দেখা গৈছিল যে কাহৰ চিৰাপ সেৱন কৰাৰ ফলত শিশু কেইটাৰ বৃক্ক বিকল হৈ মৃত্যুমুখত পৰিছে। এই চিৰাপটো তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ শ্ৰীছান ফাৰ্মাচিউটিকেলছে প্ৰস্তুত কৰিছিল।

তামিলনাডু ড্ৰাগ কণ্ট্ৰল বিভাগৰ এক প্ৰতিবেদনত এই কোম্পানীৰ চিৰাপৰ এটা বেচত ৪৮.৬ শতাংশ ডাইথাইলিন গ্লাইকল পোৱা গৈছে। এই একেটা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ বাবেই পূৰ্বে গাম্বিয়া, উজবেকিস্তান, ভাৰতৰ বিভিন্ন ঠাইত শিশুৰ মৃত্যু হৈছিল।

এই প্ৰতিবেদনৰ পিছতে মধ্যপ্ৰদেশৰ ঔষধ নিয়ন্ত্ৰণ বিভাগে ৪ অক্টোবৰত এই কাহৰ চিৰাপ নিষিদ্ধ কৰে।