NORTHEAST NOW (Assamese)

কৰ’না সংকট! আংশিক লকডাউনে জুৰুলা কৰিছে টেম্প’-মেজিক চালকসকলক

June 1, 2021 5:14 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

আংশিক লকডাউনৰ ফলত শিৱসাগৰতো গভীৰ আৰ্থিক সংকটত পৰিছে টেম্প’, মেজিক চালক সকল। গ্ৰামাঞ্চলৰ পৰা যাত্ৰী অনা নিয়া কৰা বহু টেম্প’ চালকে বৰ্তমান এসাঁজ খাই এসাঁজ লঘোণ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

দিনৰ ১১ বজাতে সকলো বন্ধ হৈ পৰাত মাত্ৰ এবাৰ যাত্ৰী কঢ়িয়াই ভাড়া সামৰিবলগীয়া হয়। ফলত দিনটোৰ হাজিৰা লাভৰ পৰাও ব্যৰ্থ হোৱাত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে টেম্প’, মেজিক চালক সকল।

তদুপৰি, যুগ্ম-অযুগ্ম নীতি প্ৰযোজ্য মানি চলাত সপ্তাহত এদিন বা দুদিনহে টেম্প’ চলাবলৈ সুযোগ লাভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিয়াল চলাবলৈ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বহু চালকে দিব পৰা নাই গাড়ীৰ ইএমআই।

ইয়াৰ মাজতো ক’ভিড প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে ধাৰ্য কৰা সকলো নীতি-নিয়ম মানি চলিবলৈ চেষ্টা কৰিছে চালকসকলে।

সমান্তৰালভাৱে এনে আৰ্থিক সংকটৰ পৰা সকাহ দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে তেওঁলোকে।

Related News