NORTHEAST NOW (Assamese)
অসম

যাত্ৰী আৰু মালিকৰ বাবে সু-খবৰ; কাইলৈৰ পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব যাত্রীবাহী বাহন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 8, 2020 6:49 pm
102eb-dsc_7850

লকডাউন বা আনলক প্ৰক্ৰিয়াৰ সময়ছোৱাত সামাজিক দুৰত্ব মানি ৫০ শতাংশ যাত্ৰীৰে যাত্ৰীবাহী বাছত যাত্ৰা কৰিবলগীয়া হোৱাত যাত্ৰীসকলৰ সমান্তৰালকৈ বাহনৰ মালিক পক্ষও সমানে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

কিন্তু এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে সৈতে বাহনসমূহ পূৰ্বৰ দৰেই চলিব পাৰিব বুলি অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

বৃহস্পতিবাৰে বিয়লিৰ ভাগত এক নিৰ্দেশনা যোগে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই জনাই যে কোভিডৰ সময়ছোৱাত ৫০ শতাংশ যাত্ৰীৰে বাহনসমূহ চলোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছিল যদিও এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে বাছসমূহ চলাবলৈ অনুমতি দিবলৈ ৰাজ্যৰ পৰিবহন বিভাগক অনুৰোধ জনোৱা হৈছে।‘

ORDER Transport

অৱশ্যে, বাহনৰ মালিক, চালক হেণ্ডিমেন আৰু যাত্ৰীসকলৰ বাবে কিছুমান চৰ্ত বান্ধি দিছে সিনহাই।

সেইসমূহ ক্ৰমে :

  • বাহনৰ আসনতকৈ বেছি যাত্ৰী উঠাব নোৱাৰিব।
  • কোনো যাত্ৰীয়ে থিয় হৈ বাহনত যাত্ৰা কৰিব নোৱাৰিব।
  • মাস্ক নিপিন্ধা যাত্ৰীসকলক বাহনত উঠাব নোৱাৰিব চালক-হেণ্ডিমেনে।
  • একোটা যাত্ৰাৰ অন্তত বাহনসমূহ গাড়ীৰ মালিক বা চালকে বাহনসমূহ চেনিটাইজ কৰিব লাগিব।
  • বাহনৰ চালক, হেণ্ডিমেন আৰু কৰ্মচাৰীসকলে বাহনত থকাৰ সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব।
  • এই নিৰ্দেশনা নমনাসকলৰ বাবে ৰাজ্যৰ পৰিবহন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব