NORTHEAST NOW (Assamese)
অসম

২৪ৰ নিৰ্বাচনত জনসাধাৰণে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব : ডাঃ ভবেন চৌধুৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2023 6:30 pm

আসন্ন লোকসভা নিৰ্বাচনত বিজেপিত প্রতিহত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ১৩ দলীয়া বিৰোধী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰৰ হোটেল লিলিত অনুষ্ঠিত হোৱাৰ পিছতে শাসকীয় দলৰ সভাপতি ভবেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাই বিৰোধী এক্যক লৈ কৰা তাচ্ছিল্য মন্তব্যৰ তীৱ প্রতিক্রিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টায়ে। 

আপ অসমৰ সভাপতি ভবেন চৌধুৰীয়ে এক প্ৰেছ বিবৃতিযোগে কয় যে জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকা এতিয়া বিজেপিৰ নতুন মডেলৰ ৱাশ্বিং মেচিন। য’ত তেওঁলোকৰ সকলোবোৰ দুৰ্নীতি, কেলেংকাৰী ধুই-মেলি পৰিস্কাৰ কৰা হৈছে। বিজেপিত যোগদান কৰা  প্রতিজন দুৰ্নীতিপৰায়ণ লোকক এই দলটোৱে পৰিস্কাৰ কৰি আহিছে।”

দুয়োজনকে সভাপতি ডাঃ চৌধুৰীয়ে মন্ত্ৰীৰ মৰ্য্যদা ৰাখি কথা কবলৈ আহ্লান জনায়। লগতে আম আদমি পাটীয়ে বিজেপিৰ সভাপতি ভবেশ কলিতাক বিৰোধী ঐক্যক উত্থানত শংকিত হৈ আবুল তাবুল বকিবলৈ লৈছে বুলি উল্লেখ কৰে। 

তাৰোপৰি মিছা প্রলোভনৰে ৰাইজক আভুৱা ভৰা বন্ধ কৰিবলৈ ভবেশ কলিতাক আহান জনায়। আম আদমি পাৰ্টীয়ে ২৪ৰ নিৰ্বাচনত জনসাধাৰণে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব উল্লেখ কৰি এইবাৰ দিল্লীত ‘ইণ্ডিয়া এলায়েঞ্চ’ ৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে।