NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰৰ পৰিসংখ্যাত ভিন্ন ছবি: বৃদ্ধ নহয়, কৰ’নাত অধিক আক্ৰান্ত হৈছে যুৱ সমাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2020 11:53 am
Coronavirus-750x375

শেহতীয়াভাৱে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক চাঞ্চল্যকৰ তথ্যত দেখা গৈছে যে দেশত ষাঠিৰ উৰ্ধৰ লোক নহয়, বৰঞ্চ যুৱ বয়সৰ লোকহে অধিক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত কৰ’না আক্ৰান্তসকলৰ ভিতৰত ৮৩ শতাংশই হৈছে পঞ্চাশতকৈ কম বয়সৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যই ইমানদিনে কৈ অহা বয়সস্থ আৰু শিশুসকল কৰ’নাত অধিক আক্ৰান্ত হোৱাৰ ধাৰণাটোক ভুল বুলি প্ৰমানিত কৰিলে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যই স্বাভাৱিকতে দেশত উদ্বিগ্নতা বৃদ্ধি কৰিছে।

তথ্য অনুসৰি, দেশৰ COVID-19পজিটিভ ৰোগীৰ মাজত ৪২ শতাংশৰ বয়স ২১ৰপৰা ৪০বছৰৰ ভিতৰত।

ইয়াৰ পাছতে COVID-19পজিটিভ ৰোগীৰ মাজত আছে ৪১ৰপৰা ৫০ বছৰৰ ভিতৰৰ প্ৰায় ৩৩ শতাংশ লোক।

আনহাতে, তৃতীয় পৰ্যায়ত অৰ্থাৎ ষাঠি বছৰৰ উৰ্ধত বৰ্তমান মাত্ৰ ১৭ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছে।

সৰ্বশেষত ২০ বছৰৰ তলৰ সংক্ৰমিতৰ হাৰ বৰ্তমান ৯ শতাংশ।

শনিবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ফালৰ পৰা দিয়া সংবাদমেলত এই পৰিসংখ্যা দাঙি ধৰা হয়।

এতিয়া কথা হ’ল দেশৰ যুৱ সমাজে যদি ভাৱিছে যে তেওঁলোকৰ কৰ’নাত সংক্ৰমণৰ সম্ভাৱনা কম, তেতিয়াহ’লে সেয়া ভুল।

ইয়াৰ মাজতে বিশেষজ্ঞসকলৰ দাবী যে এই ৰোগৰ লক্ষণ বুজি পাওতে যিহেতু বহ সময় লাগি যায়, গতিকে সকলো বয়সৰ লোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হাত আদি ধুই পৰিষ্কাৰ থকাৰ যত্ন কৰা উচিত।

স্বাভাৱিকতেই ভাৰতৰ দৰে বৃহৎ যুৱ সংখ্যাৰ দেশখনত যুৱসকল অধিক আক্ৰান্ত হ’লে বিষয়টো অধিক চিন্তনীয় হৈ পৰিব।